উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হ'ব তদন্ত, ৰাম মন্দিৰৰ অৰিহণা চুৰিৰ গোচৰ

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ অৰিহণা চুৰিৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব উচ্চতম ন্যায়ালয়ে। পৱিত্ৰ মন্দিৰটোৰ পুঁজিৰ কেলেংকাৰিৰ তদন্তৰ নিৰীক্ষণৰ দায়িত্ব লৈ সর্বোচ্চ আদালতে সোমবাৰে স্থানীয় আৰক্ষীক তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ দিয়ে আৰু এজন জ্যেষ্ঠ আই পি এছ বিষয়াৰ নেতৃত্বত নতুনকৈ এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠনৰ নিৰ্দেশ দিয়ে। আনহাতে, সর্বোচ্চ আদালতে শ্রী ৰাম তীর্থক্ষেত্ৰ ন্যাসক অৰিহণাৰ ৰছিদবোৰ সংৰক্ষণ কৰি ৰাখিবলৈকো নির্দেশ দিয়ে। 

মন্দিৰটোৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন ভক্তই দিয়া অৰিহণাৰ ৰছিদবোৰ সযতনে ৰাখিবলৈ মন্দিৰটোৰ ন্যাসক আদেশ দিয়ে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে ৰাম মন্দিৰৰ দান চুৰিৰ ঘটনাৰ গোচৰৰ সংক্ৰান্তত চলি থকা তদন্তৰ বিষয়ত বিভিন্ন ব্যক্তি আৰু পক্ষই অভিযোগ উত্থাপন কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি এম পাঞ্চলীৰে গঠিত বিচাৰপীঠখনে এই পদক্ষেপ লয়।

মুখ্য ন্যায়াধীশ সূর্য কান্তই কয় যে সর্বোচ্চ আদালতে এই বিষয়ত দায়িত্ব লোৱাৰ পাছত ইয়াত ৰাজনীতি চলিব নালাগে। বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ মুখ্য ন্যায়াধীশ সূর্য কান্তই সকলো পক্ষকে সকীয়নি দিয়ে।

Share This