ডিজিটেল ডেস্ক : জৰুৰী স্বাস্থ্য যতন সেৱা প্ৰদানৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে ভাৰতীয় ৰে'লৱেই। ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেই ইয়াৰ 'বন্দে ভাৰত এক্সপ্রেছ'ত এটা জীৱন্ত হৃদপিণ্ড সফলতাৰে পৰিবহণ কৰিবলৈ সক্ষম হয়। মানৱ অংগটো ছুৰাটৰ পৰা আহমেদাবাদলৈ 'ৰে'ল নং ২০৯০১ মুম্বাই চেন্ট্রেল-গান্ধীনগৰ কেপিটেল' বন্দে ভাৰত এক্সপ্ৰেছখনেৰে সুৰক্ষিতভাৱে পৰিবহণ কৰা হয়। এই জীৱন্ত হৃদপিণ্ডটো আহমেদাবাদস্থিত 'ইউ এন মেহতা ইনষ্টিটিউট অব্ কার্ডিঅ'লজী'ত এজন ৰোগীৰ দেহত সংৰোপণ কৰা হ'ব। এই সফলতাৰ বিষয়ত ভাৰতীয় ৰে'লৱেৰ আহমেদাবাদ সংমণ্ডলৰ মাণ্ডলিক প্রবন্ধক বেদ প্রকাশে কয় যে প্রতিটো মুহূৰ্তত সতর্ক দৃষ্টি ৰাখি এনে ধৰণৰ জীৱন ৰক্ষাৰ অভিযানত ভাৰতীয়
ৰে'লৱেই এটা অভূতপূর্ব সফলতা লাভ কৰিলে। এয়া হৈছে ভাৰতীয় ৰে'লৱেৰ বাবে গৌৰৱ আৰু সন্তুষ্টিৰ কৃতিত্ব। এটা জীৱন্ত হৃদপিণ্ডক নিৰাপদে পৰিবহণ কৰি আৰু ছুৰাটৰ
পৰা আহমেদাবাদলৈ সঠিক সময়ত কঢ়িয়াই অনাটো ভাৰতীয় ৰে'লৱেৰ বাবে এয়া প্রথম সফলতা। মাণ্ডলিক প্রবন্ধকজনে কয় যে ভাৰতীয় ৰে'লৱে, ৰে'লৱে সুৰক্ষা বাহিনী (আৰ পি এফ), গুজৰাট আৰক্ষী আৰু চিকিৎসকৰ দলৰ সহযোগিতাৰ বাবেই এই বিৰল অভিযান সফল হ'ল। তেওঁ কয় যে মানৱৰ জীৱন বচোৱাত ৰে'লৱেই ভূমিকা পালন কৰিলে।
উল্লেখযোগ্য যে জীৱন্ত হৃদপিণ্ডটো পৰিবহণ কৰাৰ সময়ত আৰ পি এফ আৰু গুজৰাট আৰক্ষীয়ে আহমেদাবাদ ৰে'ল ষ্টেছনৰ ১নং প্লেটফৰ্মৰ পৰা ইউ এম মেহতা ইনষ্টিটিউট অব্ কার্ডিঅ'লজীলৈকে এটা 'গ্রীন কৰিড'ৰ'ৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বাবেই সংৰোপণ প্ৰক্ৰিয়াৰ বাবে কোনো পলম নোহোৱাকৈ নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত মানৱ অংগটো চিকিৎসালয়লৈ নিয়াত সক্ষম হয় কর্তৃপক্ষ। আনহাতে, পূৰ্বতে 'এয়াৰ এম্বুলেন্স'ৰে পৰিবহণ কৰা জীৱন্ত মানৱ অংগ এতিয়া ৰে'লেৰে পৰিবহণ কৰাত সফল হৈছে। 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ দ্রুতগতি, সময়ানুৱতী আৰু নিৰ্ভৰশীলতাৰ বৈশিষ্ট্য এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে।