৮৪ হাজাৰ কোটি টকাৰ অভিলাসী আঁচনি তেল-গেছৰ সন্ধানত সাগৰত চলিব অভিযান, 'সমুদ্র মন্থন'ত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

dainik janambhumi August 02, 2026

ডিজিটেল ডেস্ক : তেল আৰু গেছৰ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এখন অভিলাষী আঁচনি গ্রহণ কৰিছে। শীঘ্ৰেই চৰকাৰে গভীৰ সাগৰত তেল আৰু গেছৰ সন্ধান আৰম্ভ কৰিব। ইতিমধ্যে এই 'সমুদ্র মন্থন' আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ৮৪ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে। 

কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি এই নতুন আঁচনিখনে ভাৰতৰ হাইড্ৰ'কাৰ্বনৰ ভাণ্ডাৰত প্রায় ৬০০ নিযুত টন তেলৰ সংযোগ ঘটাব। তদুপৰি বাৰ্ষিক ঘৰুৱা তেল আৰু গেছৰ উৎপাদনো ১০-১৫ নিযুত টন বৃদ্ধি কৰিব। কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি এই আঁচনিৰ ৪৩,২০০ কোটি টকাৰে সমুদ্ৰত গভীৰ আৰু অতি গভীৰ খাদ খননেৰে তেল আৰু গেছৰ সন্ধান চলোৱা হ'ব। যিবোৰ স্থানত তেল-গেছৰ সন্ধান কৰাটো অতি খৰচী আৰু বিপজ্জনক হ'ব পাৰে, তেনে স্থানত কেন্দ্ৰীয় চৰকাৰে অ' এন জি চি, অইল ইণ্ডিয়া লিমিটেড আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ লগত চুক্তিৰে অভিযান চলাব। আনহাতে, কেন্দ্রই উপকূলীয় অঞ্চলৰ ভূমিকম্পপ্ৰৱণতাৰ জৰীপৰ বাবে আন ২৮,৫০০ কোটি টকা আবণ্টন জনোৱা হৈছে। সাগৰতলীৰ বিস্তৃত নক্সা প্রস্তুত কৰাৰ লগতে খননৰ সঠিক স্থান বিচাৰি উলিওৱাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ (এআই) দৰে উন্নত প্রযুক্তিৰ সহায় লোৱা হ'ব। আনহাতে, মহানদী, কচ্চ আদি স্থানত উপকূলীয় অঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে অতিৰিক্ত ১০ হাজাৰ কোটি টকা ব্যয় কৰিব। 

উল্লেখযোগ্য যে ভাৰতে দেশত প্রয়োজনীয় খাৰুৱা তেলৰ ৮৮.৭ শতাংশই আমদানি কৰি আহিছে। তদুপৰি প্রয়োজনীয় প্রাকৃতিক গেছৰ ৫০ শতাংশ আমদানি কৰে। দেশত প্রতিদিনেই ৫.৫ নিযুত বেৰল খাৰুৱা তেলৰ প্ৰয়োজন হয়। মধ্যপ্রাচ্যৰ যুদ্ধ পৰিস্থিতিৰ ফলত চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত ভাৰতে তেল আৰু গেছ আমদানিত ৫০ বিলিয়ন মার্কিন ডলাৰ খৰচ কৰিলে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ তেল আৰু গেছৰ আমদানি হ্রাস কৰি আত্মনিৰ্ভৰশীল হোৱাৰ পৰিকল্পনা কৰিছে।

Share This