৩ জিলালৈ ১,৪১,৭১৯খন পাঠ্যপুথি প্ৰেৰণ

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে কালি গুৱাহাটীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। বানপানীৰ ফলত বিশেষভাৱে ক্ষতিগ্রস্ত হোৱা তিনিখন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বাবে মুঠ ৮৯৮২৩১খন পাঠ্যপুথিৰ প্রয়োজন হ'ব। 

কালি তিনিখন জিলালৈ ১৪১৭১৯খন পাঠাপুথি প্ৰেৰণ কৰা হৈছে। এই পাঠপুথিৰ দ্বাৰা ১১২৮৪৩গৰাকী শিক্ষার্থী উপকৃত হ'ব। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বিনামূলীয়া পাঠ্যপুথি বানত ক্ষতিগ্রস্ত শিক্ষার্থীলৈ বুলি প্ৰেৰণ কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰতিগৰাকী বান প্ৰভাৱিত শিক্ষার্থীয়ে প্রয়োজনীয় পাঠ্যপুথি নোপোৱালৈকে এই বিতৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে সামাজিক মাধ্যমত জানিবলৈ দিয়ে। 

ইফালে শিক্ষা বিভাগৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটকে ধৰি চাৰিওখন জিলাত সর্বমুঠ ১৭৩১খন বিদ্যালয় ক্ষতিগ্রস্ত হৈছে, ক্ষতিগ্রস্ত শিক্ষাৰ্থীৰ সংখ্যা ১৪৬৬৮৩গৰাকী। ইয়াৰ ভিতৰত সৰ্বাধিক শিৱসাগৰ জিলাত ৯৮২খন বিদ্যালয়ৰ ৮১২৭৬গৰাকী শিক্ষার্থী, চৰাইদেউ জিলাত ৩৬৭খন বিদ্যালয়ৰ ৩৮১৩৫গৰাকী শিক্ষার্থী, যোৰহাট জিলাত ৩৫১খন বিদ্যালয়ৰ ২৪৭৫০ গৰাকী শিক্ষার্থী আৰু গোলাঘাট জিলাৰ ৩১খন বিদ্যালয়ৰ ২৫২৪গৰাকী শিক্ষার্থী ক্ষতিগ্রস্ত হৈছে।

Share This