ডিজিটেল ডেস্ক : যোৰহাটত অৱস্থিত বিশ্ব প্রসিদ্ধ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ বিগত পায় দুটা দশক ধৰি অভাৱনীয় বিত্তীয় সংকটৰ মাজেৰে কোনোমতে জীয়াই থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ চূড়ান্ত অৱহেলা তথা অমনোযোগিতাই এনে এটা ঐতিহ্যবাহী গৱেষণা প্রতিষ্ঠানক অধিক সংকটৰ মাজলৈহে ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।
এতিয়াৰপৰা প্ৰায় ১১৫ বছৰৰ পূৰ্বে ১৯১১ চনত স্থাপন হোৱা বিশ্বপ্রসিদ্ধ চাহ গৱেষণা প্রতিষ্ঠানটোৱে ভাৰতীয় চাহ উদ্যোগলৈ উল্লেখনীয় বৰঙনি আগবঢ়োৱাৰ লগতে দেশৰ কৃষি অর্থনীতি খণ্ড শক্তিশালী কৰাত প্ৰভূত বৰঙনি আগবঢ়াই আহিছে। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ শিক্ষা-গৱেষণা অনুষ্ঠান বৰ্তমান গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হৈ মৃত্যুৰ ফালে গতি কৰাটো কেৱল চাহ উদ্যোগৰ বাবেই নহয়, সমগ্ৰ অসম আৰু অসমীয়া জাতিটোৰ বাবেও কেন্দ্ৰীয় চৰকাৰে ভিন্ন দিশত প্ৰদৰ্শন কৰা চৰম অন্যায়ৰ অন্যতম ৰূপে চর্চিত হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতা আৰু চাহ গৱেষণা সন্থাৰ দীৰ্ঘদিনীয়া ভুল পৰিচালনা নীতিৰ ফলতেই বিশ্বৰ সবাতোকৈ পুৰণি চাহ গৱেষণা প্রতিষ্ঠানটো এতিয়া শৰশয্যাত থকাৰ দৰে হৈছেগৈ। প্রসংগক্রমে উনুকিয়াব পাৰি যে ১৯৬৪ চনৰপৰা ১৯৯০ চনলৈ চি এছ আই আৰ অৰ্থাৎ ভাৰতীয় বৈজ্ঞানিক গৱেষণা পৰিষদে মূল বাজেটৰ ৫০ শতাংশ ধন টোকোলাইক দিছিল যিটো সময় টোকোলাইৰ বাবে সোণালী সময় আছিল। কিন্তু ১৯৯০ চনৰ পৰা পুঁজি যোগানৰ দায়িত্ব ভাৰতীয় চাহ ব'ৰ্ডৰ হাতলৈ যায় আৰু পুঁজিৰ পৰিমাণ কমি গৈ বৰ্তমান বছৰি মাত্ৰ চাৰে দহ কোটিলৈ হ্রাস পোৱাৰ ফলত টোকোলাইৰ গৱেষণা ক্ষেত্ৰখনলৈ অভাৱনীয় সংকট নামি আহে। টোকোলাই বিত্তীয় সংকট ঊর্ধ্বগামী হোৱাৰ অন্য এক কাৰক হ'ল ইয়াৰ সদস্যভুক্ত বাগিচা বা কোম্পানী সমূহৰ পৰা অহা পৰোক্ষ পুঁজিৰ ধাৰাবাহিকতা ভংগ। বর্তমান সময়ত সদস্য বাগিচাসমূহৰ পৰা অনাদায় হৈ আছে প্রায় ২৫ কোটিৰো অধিক সদস্য বৰঙনিৰ ধন, যাৰ ফলশ্ৰুতিত দৰমহাৰ বিলম্ব, ভবিষ্যনিধিৰ ধন অনাদায়, অৱসৰকালীন প্রাপ্য অনাদায়, কৰ্মচাৰীসকলৰ বকেয়া ধন অনাদায় আদি সংকটৰ মুখামুখি হৈছে টোকোলাই চাহ গৱেষণা কেন্দ্র। সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে অৱসৰপ্ৰাপ্ত বিজ্ঞানী-কর্মচাৰীসকল, যি সকলে বছৰ বছৰ ধৰি পোৱা নাই গ্রেচুইটি আৰু ছুটীৰ ধন, চাকৰি কালতে পাব লগা পদোন্নতিৰ বকেয়াৰ ধন, মেডিকেল আৰু এল টি চি বিল আদি। কিন্তু টোকোলাইৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে প্রাপ্য ধন নোপোৱাকৈয়ে ইহ সংসাৰৰ পৰা মেলানি মাগিব লগা হৈছে। তেওঁলোকৰ দৰমহাৰ পৰা কাটি ৰখা ভৱিষ্যনিধিৰ ধনো কর্তৃপক্ষই জমা নিদি গুৰুতৰ অপৰাধ কৰিছে। কেৱল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকে দিবলৈ আছে প্রায় ২০ কোটিৰো অধিক ধন। দীর্ঘ দিন ধৰি টোকোলাই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংঘই ন্যায্য প্রাপ্তিৰ বাবে কৰ্তৃপক্ষক আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাৰ বাবে যোৱা ৩১ জুলাইত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়।
স্মর্তব্য যে ২০২৩ চনৰ জুলাই মাহত অসম চৰকাৰে টোকোলাইলৈ ১০ কোটি টকাৰ এক সহজ ঋণ প্রদান কৰিছিল আৰু তাৰ সহায়তে ২০১৭চনৰ পৰা অৱসৰকালীন ধন পাবলৈ থকা কৰ্মচাৰীসকলৰ মাজৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈকে ছুটীৰ পইচা আৰু ২০২৩ চনৰ জুলাই মাহলৈকে অৱসৰ পোৱাসকলৰ গ্ৰেচুইটিৰ ধন আদায় দিয়ে। তাৰ পাছৰ পৰা আজি পর্যন্ত প্রায় ৭০৯জন অৱসৰী আৰু চাকৰি কালতে মৃত্যু হোৱা কৰ্মচাৰীক প্রাপ্য ধন দিব পৰা নাই। তদুপৰি, ২০২৩ চনৰ পৰাই কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ ধনৰ জমা নিদিয়াৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ভৱিষ্যনিধিৰ ধন আৰু পেঞ্চনৰ ধন পাবলৈ সমর্থ হোৱা নাই। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা প্ৰতি মাহতে একোবাৰকৈ নিজৰ প্ৰাপ্য আদায়ৰ বাবে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি থকাৰ পাছতো কোনো সদুত্তৰ পাবলৈ সক্ষম হোৱা নাই। টোকোলাই চাহ গৱেষণাগাৰৰ দাৰ্জিলিং উপকেন্দ্ৰৰ ঘৰ-মাটি বিক্ৰী কৰা, যোৰহাটৰ লিচুবাৰীস্থিত চাহ গুটি বাৰী বিক্রি কৰা, টোকোলাই চাহ বাগিচা বিক্ৰী কৰা আদি নানা চলাহী কথাৰে অৱসৰী কৰ্মচাৰ সকলক আভুৱা ভাঁৰি থকাৰ বিপৰীতে টোকোলাই কর্তৃপক্ষই এইসকল লোকক এটকাও দিবলৈ সমর্থ হোৱা নাই। অন্যহাতে, প্রতি মাহে গড়ে এজনকৈ কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰি আছে। অৱসৰকালীন ধন দিবলৈ অসমর্থ টোকোলাই কর্তৃপক্ষই শেহতীয়াভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল অফিচলৈ কিবা কামত আহিলে অচিনাকি মানুহৰ দৰে গে'টৰ নিৰাপত্তাৰক্ষীৰ অনুমতি লৈহে সোমোৱাৰ ব্যৱস্থা কৰাৰ বিষয়টোৱে এইসকল লোকৰ অন্তৰত আঘাত হানিছে।
সমগ্ৰ জীৱনৰ প্ৰায় ৩০-৩৫ বছৰ নিৰন্তৰ সেৱা আগবঢ়োৱা এইসকল অৱসৰপ্ৰাপ্ত ব্যক্তিক কর্তৃপক্ষই নিৰাপত্তাৰক্ষীৰ দ্বাৰা অপমানিত কৰা বিষয়টোৱে সকলোকে হতভম্ব কৰি তুলিছে। যোৱা ৩১ জুলাইৰ প্ৰতিবাদস্থলীতে টোকোলাই সঞ্চালকৰ হৈতে হোৱা আলোচনাত এই বিষয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰা হয়। অন্যহাতে অৱসৰকালীন ধন আদায় দিয়াৰ বিষয়ে কোনো স্পষ্ট সিদ্ধান্ত টোকোলাই কর্তৃপক্ষই দিব নোৱাৰাৰ বিপৰীতে সন্থাৰ তৰফৰ পৰা অহা ডিচেম্বৰ মাহৰ ভিতৰত সমুদায় ধন আদায় দিয়াৰ বাবে সজোৰে দাবী উত্থাপন কৰা হয়। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ ন্যায্য প্রাপ্তি আদায়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু স্থানীয় বিধায়কৰ ফালৰ পৰা ফলপ্রসূ হস্তক্ষেপ সন্থাই দাবী জনাইছে।