কাশ্মীৰ উপত্যকাত দুদিনত ২৩ লোকৰ মৃত্যু, বৰষুণ সম্বন্ধীয় ঘটনা অব্যাহত, পাহাৰীয়া নদীৰ জলস্তৰ বৃদ্ধি

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত বৰষুণ সম্বন্ধীয় ঘটনাত সোমবাৰে আৰু ২১জন লোকে প্রাণ হেৰুৱায়। কাশ্মীৰ উপত্যকাত আকস্মিক বান আৰু প্ৰতিকূল বতৰ সম্বন্ধীয় ঘটনাত দুটা দিনত ২৩জন লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে দহজন লোক সন্ধানহীন হৈ আছে। বতৰ বিজ্ঞান বিভাগে আহি থকা দিনবোৰত ৰাজ্যখনত অধিক বৰষুণৰ আশংকা প্রকাশ কৰিছে। প্রবল বৰষুণৰ পাছত জম্মু সংমণ্ডলৰ সীমান্তৱৰ্তী জিলা পুঞ্চত ভূমিস্খলনৰ প্রকোপ বাঢ়িছে। সোমবাৰে ডুমিলান এলেকাত কেই বাটাও ঘৰ ভূমিস্খলনৰ ফলত বোকাত পোত যায়। এটা ঘৰত ভূমিস্খলনৰ সময়ত সাতগৰাকী লোক আছিল। প্রশাসনে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলায় আৰু সাতোজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা, দুজন পুৰুষ আৰু দুটা শিশু আছে। 

আনহাতে, প্রবল বৰষুণৰ ফলত সোমবাৰৰ পৰা শ্রীনগৰৰ লাল চক পানীত বুৰ গৈছে। ঐতিহাসিক ঠাইখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল আৰু বৰষুণৰ পানীয়ে এই ঠাইত অধিকাংশ অঞ্চল প্লাৱিত কৰিছে। শ্রীনগৰৰ বিভিন্ন অঞ্চলত বৰষুণৰ পানী জমা হৈ কৃত্রিম বানৰ সৃষ্টি কৰিছে। ইফালে, মঙলবাৰেও জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইত প্রবল বৰষুণ অব্যাহত আছে। মধ্য কাশ্মীৰত সুখনাগ নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ঠিক সেইদৰে কথুৱাৰ পাহাৰীয়া নদী উজৰ জলক্তৰ ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিছে। 

নদী দুখনৰ বাঢ়নী পানীয়ে নামনিৰ আৰৱা, ৱাৰিহামা আদি অঞ্চল প্লাৱিত কৰিছে আৰু বানাক্ৰান্তক নিৰাপদ ঠাইলৈ প্রশাসনে স্থানান্তৰ কৰিছে। ইফালে, হিমাচল প্রদেশৰ শ্বাহপুৰত আজি ডাৱৰ বিস্ফোৰণ ঘটে আৰু ইয়াৰ ফলত প্রবল বৰষুণ হয়। আকস্মিক বানে অঞ্চলটোৰ ১০টা ঘৰ উটুৱাই লৈ যায়। অৱশ্যে, কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই।

Share This