ডিজিটেল ডেস্ক : প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ অলপতে সংগ এৰা তৃণমূল কংগ্ৰেছৰ (টি এম চি) নেতা অনুব্রত মণ্ডলৰ এজন ঘনিষ্ঠ সহযোগীৰ আত্মীয়ৰ ঘৰত পৰ্বতসম নগদ ধন উদ্ধাৰক লৈ পশ্চিম বংগত চাঞ্চল্যৰ সৃষ্টি হৈছে। পশ্চিম বংগৰ বীৰভূম এলেকাৰ মিনাৰ মণ্ডলৰ ঘৰত কমেও ২৮ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে মমতা বেনাৰ্জীৰ সংগ এৰি ঋতব্রত বেনাৰ্জীৰ বিদ্রোহী গোটত যোগ দিয়া টি এম চিৰ শক্তিশালী নেতা অনুব্রত মণ্ডলৰ এজন ঘনিষ্ঠ সহযোগী তথা ব্যৱসায়ী টুলু মণ্ডলৰ আত্মীয় মিনাৰ মণ্ডল হৈছে এজন বাছ চালক।
পশ্চিম বংগ আৰক্ষীয়ে মিনাৰৰ ঘৰত তালাচী চলাই বুধবাৰে নগদ ধনৰ উপৰি ২১ কোটি টকা মূল্যৰ ১৫ কিল'গ্রাম সোণো জব্দ কৰে। নগদ ধন উদ্ধাৰৰ পাছতেই মিনাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত মিনাৰে স্বীকাৰোক্তি দিয়ে যে নগদ ধন আৰু সোণখিনি টুলু মণ্ডলৰ আৰু অবৈধ ছিণ্ডিকেট চলাই এই ধনখিনি তেওঁৰ ঘৰত মজুত ৰাখিছিল।
প্রণিধানযোগ্য যে টি এম চিৰ নেতা অনুব্রত মণ্ডলৰ ঘনিষ্ঠ সহযোগী টুলু মণ্ডল হৈছে শিল কোৱেৰীৰ ব্যৱসায়ী আৰু তেওঁৰ কেইবাটাও শিল খনন কোৱেৰী আছে। আৰক্ষীয়ে বাছ চালক মিনাৰৰ ঘৰত কেনেকৈ ইমান বৃহৎ পৰিমাণৰ নগদ ধন আহিল, সেই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।