ডিজিটেল ডেস্ক : বানে উজনি অসমত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কালি অসমলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (SDRF)ৰ কেন্দ্ৰীয় অংশৰ ৩৭৯.৩৫ কোটি টকা আৰু কেন্দ্ৰীয় কৰৰ ৩,৫৫২ কোটি মোকলাই দিয়ে ।
উল্লেখযোগ্য যে নতুন দিল্লীত কালি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত ২০২৬ বর্ষত বানত ক্ষতিগ্রস্ত ৰাজ্যসমূহৰ সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্য ত্বৰান্বিত কৰিবলৈ ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ পৰা মুঠ ২,১১৭.৮৫ কোটি অগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অসমে ৩৭৯.৩৫ কোটি লাভ কৰাৰ লগতে অৰুণাচল প্রদেশে ৪৪.৫৫ কোটি, গুজৰাটে ৫০০ কোটি, আৰু মহাৰাষ্ট্ৰই ৫০০ কোটি লাভ কৰিছে।
ইতিমধ্যে প্রথম কিস্তি লাভ কৰা হিমাচল প্রদেশলৈ দ্বিতীয় কিস্তিৰ অগ্রিম হিচাপে ১৯৩.৯৫ কোটি আৰু ওড়িশালৈ ৫০০ কোটি অনুমোদন কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, বানপীড়িত ৰাজ্যসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানত ধনৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধনৰাশি আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে। আনহাতে, ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আন্তঃমন্ত্ৰ্যালয় কেন্দ্রীয় দল অৰুণাচল প্রদেশ আৰু অসমলৈ প্ৰেৰণ কৰা হৈছে বুলি জনাই গৃহ মন্ত্ৰ্যালয়ে জনায় যে অসমৰ বান পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি ৰাজ্যখনত দুটা আন্তঃমন্ত্ৰ্যালয় কেন্দ্ৰীয় দলে পৰিদৰ্শন সম্পন্ন কৰিছে।
ইফালে, কালি ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে কৰৰ ১,০৯,০১৯ কোটি টকা আগতীয়াকৈ মুকলি কৰি দিয়ে। এই কৰৰ অংশ হিচাপে অসমে লাভ কৰিছে ৩,৩৭৯ কোটি টকা। এই ধন ১০ আগষ্টত নিয়মীয়া মাহেকীয়া কিস্তি হিচাপে মুকলি হ'বলগীয়া ধনৰ উপৰি বিশেষ আগতীয়া কিস্তি হিচাপে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, এই ধনৰাশি লাভ কৰিলে ৰাজ্যসমূহে পথ, জলসিঞ্চন, স্বাস্থ্য, শিক্ষা, কৃষি, নগৰ উন্নয়ন, সামাজিক সুৰক্ষা আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। বিত্ত মন্ত্র্যালয়ৰ তথ্য মতে, কৰৰ অংশ হিচাপে সর্বাধিক ধন লাভ কৰিছে উত্তৰ প্ৰদেশে। ৰাজ্যখনে লাভ কৰা ধনৰ পৰিমাণ হ'ল ১৯,২০৮ কোটি টকা। ইফালে, অসমে এই আগতীয়াকৈ লাভ কৰা ধনৰ জৰিয়তে বানপীড়িত অঞ্চলৰ আন্তঃগাঁথনি আৰু অন্যান্য উন্নয়নমূলক আঁচনিত অধিক গতি প্ৰদান কৰিব পাৰিব বুলি আশা কৰা হৈছে।