ডিজিটেল ডেস্ক : সংসদৰ আগন্তুক বর্ষাকালীন অধিৱেশনত কেই বাখনো বিধেয়ক উত্থাপন হ'ব। ইয়াৰ ভিতৰত অন্যতম হ'ল 'বন্দে মাতৰম' বিধেয়ক। এই বিধেয়কখনৰ জৰিয়তে বন্দে মাতৰম গোৱা বা বজোৱাৰ সময়ত কোনো ধৰণৰ অপমান বা বাধাৰ সৃষ্টি কৰাটো দণ্ডনীয় অপৰাধ কৰিবলৈ বিচৰা হৈছে।
ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপৰাধ প্ৰতিৰোধ (সংশোধনী) বিধেয়কৰ অধীনত এনে ধৰণৰ অপৰাধত দোষী সাব্যস্ত হোৱা ব্যক্তিৰ তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। এই শাস্তি ৰাষ্ট্ৰীয় সংগীত জনগণ মনক অপমান কৰিলে বিহা শাস্তিৰ সমান হ'ব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম পৰিৱেশন কৰাটো বাধ্যতামূলক কৰি ৰাজ্যসমূহক নীতি-নিৰ্দেশনা জাৰি কৰিছিল। এতিয়া ইয়াক আইনী ৰূপ দিয়া হ'ব। চৰকাৰে এই সম্পর্কত ইতিমধ্যে জাৰি কৰা অধ্যাদেশক প্রথমে গৃহীত কৰা হ'ব আৰু 'বন্দে মাতৰম' বিধেয়ক গুৰুত্বপূৰ্ণ অধ্যাদেশত চামিল হৈ আছে।