সংসদত কেন্দ্রীয় পথ পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্বেগজনক তথ্য, ৩ বছৰত ৰাষ্ট্ৰীয় ঘাইপথৰ 'ব্লেক কৰিডৰ'ত ৩৭ হাজাৰ লোকৰ প্ৰাণহানি

dainik janambhumi July 24, 2026

ডিজিটেল ডেস্ক : ২০২৩-২০২৫ চনত দেশৰ ৰাষ্ট্ৰীয় ঘাই পথত দুর্ঘটনাপ্রৱণ এলেকাত দুর্ঘটনাত পতিত হৈ ৩৭হাজাৰ লোকে প্রাণ হেৰুৱাইছে। এই উদ্বেগজনক তথ্য সংসদত প্রকাশ কৰিছে খোদ কেন্দ্রীয় চৰকাৰে। দেশৰ ৰাষ্ট্ৰীয় ঘাই পথসমূহৰ ৬,৪০৯.৭কিল'মিটাৰ অংশক 'ব্লেক কৰিডৰ হিচাপে চিনাক্ত কৰা কৰা হৈছে। 

এই দুর্ঘটনাপ্রৱণ 'ব্লেক কৰিডৰ'ত প্ৰায়ে দুর্ঘটনা সংঘটিত হৈ আহিছে। যোৱা ৩ বছৰত এই 'ব্লেক কৰিডৰ'ত ৩৭,১৬৪ লোকৰ মৃত্যু হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে তথ্য প্রকাশ কৰিছে। ৰাজ্য সভাত তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষৰ এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে এই তথ্য প্রকাশ কৰে। এই ব্লেক কৰিডৰক কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক সঁজুলি আৰু উপলব্ধ দুৰ্ঘটনাৰ ডাটাৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হৈছে। 

চৰকাৰী তথ্য অনুসৰি, তামিলনাডুত সর্বাধিক ৯৫৮টা ব্লেক কৰিডৰ আছে। আনহাতে, উত্তৰ প্ৰদেশত ৬৭১টা, কর্ণাটকত ৬০৭টা, মহাৰাষ্ট্ৰত ৪৭৭টা, কেৰালাত ৩৮৬টা আৰু অন্ধ প্রদেশত ৩৮৪টা ব্লেক কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথত আছে।

Share This