৪৫ হাজাৰ কোটি টকাৰ সীমান্ত ৰে'ল প্রকল্প

Dainik Janambhumi August 05, 2026

ডিজিটেল ডেস্ক : ভাৰতে সীমান্তৱৰ্তী অঞ্চলত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰে'ল যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ বাবে প্রস্তুতি চলাইছে। চীন, পাকিস্তান আৰু বাংলাদেশৰে থকা সীমান্তৰ সমীপত যোগাযোগ ব্যবস্থা শক্তিশালী কৰিবলৈ ভাৰত চৰকাৰে ৪৫,০০০ কোটি টকাৰ বিনিয়োগৰ এটা নতুন প্রকল্প আৰম্ভ কৰিব। চুবুৰীয়া তিনিখন দেশে সীমান্তৰ সমীপত কৌশলগত আন্তঃগাঁথনি আৰু সামৰিক মোতায়েন বৃদ্ধি কৰাৰ সময়তে ভাৰতে এই পদক্ষেপ লৈছে। ভাৰত চৰকাৰে দেশৰ প্ৰতিৰক্ষা সক্ষমতা বৃদ্ধিৰ বাবে সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিবলৈ পদক্ষেপ লৈছে। 

ব্লুমবার্গে প্রকাশ কৰা অনুসৰি চীন, পাকিস্তান আৰু বাংলাদেশৰে থকা সীমান্তৱৰ্তী ৰাজ্যসমূহত সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৪৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এটা গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পৰ পৰিকল্পনা কৰিছে ভাৰতে। পৰৱৰ্তী ১৮-২৪ মাহত এই প্রস্তাবিত বিনিয়োগ । কৰি কৰিব ভাৰত চৰকাৰে। সীমান্তৱৰ্তী ৰাজ্যৰ অঞ্চলসমূহত নতুন ৰে'লবে ট্রেক স্থাপন, প্লেটফর্ম নির্মাণ আৰু বর্তমানে থকা ৰে'ল নেটৱৰ্কৰ সম্প্ৰসাৰণ আদি এই নতুন প্রকল্পত অন্তর্ভুক্ত কৰা হ'ব। সীমান্তৱৰ্তী ৰাজ্য পঞ্জাব, ৰাজস্থান, হিমাচল প্রদেশ, পশ্চিম বংগ, অসম আৰু বিভিন্ন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত এই নতুন ৰে'ল প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ঐতিহাসিকভাবে সীমিত আন্তঃগাঁথনি থকা সীমান্তৱৰ্তী অঞ্চলবোৰৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে পৰিবহণ পদ্ধতি উন্নত কৰিবলৈ ভাৰত চৰকাৰে পৰিকল্পনা কৰিছে। 

এই প্ৰস্তাৱিত ৰে'ল নেটৱৰ্কৰে অসামৰিক যাত্ৰী আৰু মাল পৰিবহণ কৰাৰ উপৰি সেনা, সামৰিক সা-সঁজুলি আৰু অত্যাৱশ্যকীয় সামগ্রীও পৰিবহণ কৰা হ'ব। অহা ২ বছৰত ভাৰতৰ পৰিকল্পিত ৰে'লৱে আন্তঃগাঁথনি বিনিয়োগৰ প্রায় ২২ শতাংশ ধন এই নতুন প্রকল্পত ব্যয় কৰা হ'ব। সীমান্তবর্তী অঞ্চলত দেশৰ অন্যতম এটা বৃহৎ আন্তঃগাঁথনিৰ প্রকল্প হ'ব। স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকাত ভাৰত চৰকাৰে পথ, ৰে'ল আৰু অন্য পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে।

Share This