ডিজিটেল ডেস্ক : বিপদৰ সময়ত ৰাজ্যৰ সৰ্বস্তৰৰ লোকে হিয়া উজাৰি সহায়ৰ হাত আগবঢ়াইছে বান-বিধ্বস্ত উজনি অসমৰ লোকসকললৈ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে ৰাজ্যৰ লগতে দেশৰ ভিন্নস্তৰৰ লোকে। কিন্তু ইয়াৰ মাজত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বেংকৰ হিচাপ পৰ্যালোচনা কৰাৰ সময়ত কিছু তথ্য দেখি আজি আচৰিত হৈ পৰে। কিয়নো কোনো যোগাযোগ নকৰাকৈয়ে এগৰাকী বিশেষ ব্যক্তিয়ে সংগোপনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৫ কোটি টকা।
বানাক্ৰান্তসকলৰ বাবে সাহায্য প্ৰদানৰ বাবে এই ধন আগবঢ়োৱা ব্যক্তিগৰাকী হৈছে জে এছ ডব্লিউৰ অধ্যক্ষ সজ্জন জিন্দাল। দেশৰ বিশিষ্ট ব্যৱসায়ী সজ্জন জিন্দালৰ মাতৃ সাৱিত্ৰী জিন্দালৰ ঘৰ হৈছে অসমৰ তিনিচুকীয়াত। কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে জিন্দাল গ্রুপক। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আজি পুৱাতে অসমৰ সংকটময় এই সময়ত এক মানৱীয় পদক্ষেপৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। জে এছ ডব্লিউৰ অধ্যক্ষ সজ্জন জিন্দাল ডাঙৰীয়াই অসমত শেহতীয়া বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱী পদক্ষেপৰ বিষয়ে আমি কোনো আগতীয়া তথ্য পোৱা নাছিলোঁ। আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পর্যালোচনা কৰাৰ সময়তহে এই অনুদানৰ বিষয়ে অৱগত হওঁ।' মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'আমি জানো যে সজ্জন জিন্দাল ডাঙৰীয়াৰ মাতৃ অ'পি জিন্দাল গোটৰ মূল অধ্যক্ষ শ্রীমতী সাৱিত্ৰী জিন্দাল অসমৰে জীয়ৰী। অসমক প্রয়োজনৰ সময়ত এনে সহায়ৰ বাবে অসমৰ জনসাধাৰণৰ হৈ সজ্জন জিন্দাল ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুদানৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনর্বাসন আৰু জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ'ব।'
উল্লেখযোগ্য যে সজ্জন জিন্দালৰ প্ৰচেষ্টাত গুৱাহাটীত এটা আধুনিক সংগ্ৰহালয় নিৰ্মাণৰ কাম চলি আছে। ১৮ মাহৰ বাবে ঐতিহাসিক বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পাছত এই সংগ্ৰহালয়তে ৰখা হ'ব।