জৈছৰ ৫টা সন্ত্রাসবাদীক গ্ৰেপ্তাৰ, গুজৰাট এ টি এছৰ অভিযান

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : গুজৰাটৰ সন্ত্রাসবাদ-বিৰোধী দলে (এ টি এছ) পাকিস্তান-ভিত্তিক সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ আৰু ৫টা সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এ টি এছৰ বিষয়াসকলে শুকুৰবাৰে এই কথা প্রকাশ কৰে। এই গোচৰটোৰ সৈতে জড়িত থকা জৈছৰ সন্ত্রাসবাদীৰ মুঠ ১৩ সদস্যক গুজৰাট এ টি এছে গ্ৰেপ্তাৰ কৰিলে। ইয়াৰ পূৰ্বে জৈছৰ ৮টা সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীৰ জিম্মাত থকাৰ সময়ত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰু ৫টা সদস্যক গ্ৰেপ্তাৰ কৰা হয়। 

এ টি এছৰ বিষয়াসকলৰ মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটাই পটনৰ খাদিয়াছানৰ জামিয়া আবুল হাছান মাদ্ৰাছাত আশ্রয় লৈ আছিল। ২০২৩ চনৰ পৰা সিহঁতে আই ই ডি আৰু বোমা নিৰ্মাণৰ পদ্ধতিৰ বিষয়ে শিকি আছিল। ২০২৩-২০২৬ৰ সময়ছোৱাত এই সন্ত্রাসবাদীকেইটাই বিভিন্ন ঠাই আৰু সময়ত টাইম বোমা বিস্ফোৰণৰ বাবে ষড়যন্ত্রত লিপ্ত আছিল। 

সন্ত্রাসবাদীকেইটাই অনলাইন প্লেটফৰ্ম আৰু স্থানীয় বজাৰৰ পৰা বিস্ফোৰণৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিছিল আৰু আই ই ডি প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰিছিল। ইতিমধ্যে, গ্ৰেপ্তাৰ কৰা অন্যতম জৈছৰ সন্ত্রাসবাদী মহম্মদ আমিন শ্বেৰাৰ পৰা আই ই ডি প্ৰস্তুতৰ বাবে ৰখা বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে অনুসন্ধানকাৰী দলে। বৃহস্পতিবাৰে নতুনকৈ গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদীকেইটাক বিল্লাল শ্বেৰা, মহম্মদ আয়ুব, মহম্মদ ছানছেৰা, ছফী মুখী আৰু হাছান হায়দৰপুৰী বুলি চিনাক্ত কৰা হৈছে।

Share This