ডাবৰ কোম্পানীৰ খাদ্য, পানীয়, কেইবাবিধো সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা, বিশুদ্ধতা, সোৱাদৰ বাবে ব্যৱহাৰ কৰা উপাদানক লৈ প্ৰশ্ন

Dainik Janambhumi August 05, 2026

ডিজিটেল ডেস্ক : ডাবৰ কোম্পানীয়ে উৎপাদন কৰা কেইবাবিধো সামগ্ৰীৰ বিপণনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোম্পানীটোৱে এই সামগ্রীসমূহত ১০০% বিশুদ্ধতা দাবী কৰি অহাৰ সময়তে এই নিষেধাজ্ঞা আৰোপ কৰে খাদ্য সামগ্ৰীৰ মান নিৰূপণ কৰা চৰকাৰী সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডার্ড অথৰিটি অব ইণ্ডিয়াই (এফ এছ এছ এ আই)। এফ এছ এছ এ আয়ে বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা ডাবৰ কোম্পানীৰ সামগ্ৰীবোৰৰ ভিতৰত আছে মৌ আৰু জৈৱিক মৌ, গৰুৰ ঘিউ, নাৰিকলৰ গাখীৰ, তিল তেল, নাৰিকল পানী, ভার্জিন নাৰিকল তেল আৰু অর্গেনিক এপল ছাইডাৰ ভিনেগাৰ। কোম্পানীটোক এই সামগ্ৰীবোৰৰ ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। এফ এছ এছ এ আয়ে কয় যে ডাবৰ কোম্পানীৰ ১০০% দাবীয়ে ২০১৮ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ড (এডভার্টিং এণ্ড ক্লেইম) নিয়ম উলংঘা কৰিছে। 

এফ এছ এছ এ আইৰ মতে, এই দাবী অস্পষ্ট, ইয়াক নিশ্চিত কৰিব নোৱাৰি আৰু এই দাবী গ্রাহকক বিভ্রান্তিত পেলোৱাৰ সম্ভাৱনা থকা। নিয়ন্ত্রক সংস্থাটোৱে কয় যে এই দাবী বন্ধ কৰাৰ বাবে নির্দেশ দি পূর্বতে কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। 

উল্লেখযোগ্য যে ডাবৰে এই সামগ্ৰীসমূহ ১০০% বিশুদ্ধ, ১০০% প্রাকৃতিক, ১০০% বিশুদ্ধতা গেৰান্টেড, ১০০% জৈৱিক আৰু ১০০% টেণ্ডাৰ কক'নাট ৱাটাৰ বুলি দাবী কৰি আহিছে। এফ এছ এছ এ আয়ে এইবুলিও অভিযোগ কৰে যে হিমালয়ান অর্গেনিক এপ্পল ছাইডাৰ ভিনেগাৰ আৰু ডাবৰ জৈৱিক মৌত 'জৈৱিক ভাৰত'ৰ লগ'ও ব্যৱহাৰ কৰা হৈছিল। ই ২০১৭ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ডছ (অর্গেনিক ফুড) ৰেগুলেশ্যনৰ উলংঘা কৰিছে।

Share This