ডিজিটেল ডেস্ক : পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত শনিবাৰে পুৱা ৰাজনৈতিক সংঘাতৰ ঘটনাই তীব্র ৰূপ লয়। প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ ভতিজা তথা তৃণমূল কংগ্ৰেছৰ (টি এম চি) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টি ডায়মণ্ড হাৰ্বাৰত থকা তেওঁৰ কাৰ্যালয়টো বুলডজাৰ চলাই ভাঙি পেলোৱা হয়।
এই ধ্বংস অভিযান আমতলাত আমতলা-বাৰুইপুৰ পথত আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে যৌথভাৱে চলায়। এই বুলডজাৰ চলোৱা অভিযানত সহযোগ কৰে অগ্নিনির্বাপক বাহিনী, বি ডি অ' আৰু ভূমি সংস্কাৰ কাৰ্যালয়ৰ বিষয়াই। চৰকাৰী প্ৰশাসনে প্রকাশ কৰা মতে, কোনো ধৰণৰ অনুমোদিত পৰিকল্পনা নোহোৱাকৈ এই পাঁচ মহলীয়া ভৱনটো নিৰ্মাণ কৰা হৈছিল।
অভিযোগৰ ভিত্তিত ইয়াৰ পূর্বে সংশ্লিষ্ট পক্ষলৈ এখন জাননী প্ৰেৰণ কৰা হৈছিল বুলি প্ৰশাসনে কয়। অৱশ্যে, বৰ্তমানলৈকে অভিষেক বেনার্জীয়ে এইবুলডজাৰ অভিযানক লৈ মন্তব্য কৰা নাই।