ডিজিটেল ডেস্ক : প্রশ্নকাকত ফাদিলক লৈ ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) প্রতিবাদে দিল্লী কঁপাই তোলাৰ সময়তে সংসদ ভৱনত কালি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ সৈতে দীঘলীয়া আলোচনা কৰে। অৱশ্যে, তেওঁলোকে কি বিষয়ক লৈ আলোচনা কৰে সেইটো জানিব পৰা হোৱা নাই। সূত্ৰসমূহে প্রকাশ কৰা মতে, সংসদৰ বাহিৰত চি জে পিয়ে প্রধানৰ পদত্যাগ দাবী কৰি আন্দোলন কৰি থকাৰ সময়তে শিক্ষা মন্ত্ৰীজনৰ সৈতে শ্বাহে প্রায় তিনি ঘণ্টা আলোচনা কৰে।
উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত শিক্ষা মন্ত্রী প্ৰধানৰ পদত্যাগ দাবীত চি জে পিয়ে যোৱা ২০ জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আন্দোলন কৰি আছে। ইফালে কালি চি জে পিৰ এটা প্ৰতিনিধিৰ দলে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাৰ সৈতে এক আলোচনাত মিলিত হয়। চি জে পিৰ হৈ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই কৰ্তব্য ভৱনত স্বাস্থ্য মন্ত্রী নড্ডাক সাক্ষৎ কৰে। চি জে পিৰ প্ৰতিনিধি দলটোৱে নড্ডাক তিনিটা দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। নড্ডাই দুজনীয়া প্রতিনিধি দলটোক এইবুলি আশ্বাস দিয়ে যে ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগকে ধৰি তেওঁলোকে কৰা দাবীসমূহ চৰকাৰে বিবেচনা কৰি চাব। এই দাবীকেইটাক লৈ চৰকাৰৰ নেতাসকল অভ্যন্তৰীণ আলোচনাত মিলিত হ'ব বুলি তেওঁ আশ্বাস দিয়ে। চি জে পিয়ে চৰকাৰৰ ওচৰত চিকিৎসালয়ত ভর্তি কৰোৱা সোনম ৱাংচুকক মুকলি কৰি দিয়া, শিক্ষা মন্ত্ৰী প্ৰধানৰ পদত্যাগ আৰু নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক এক কোটি টকাৰ সাহায্য দিয়াৰ দাবী কৰে। চি জে পিয়ে লগতে কয়, 'শান্তিপূর্ণ প্ৰতিবাদকাৰীৰ ওপৰত দিল্লী পুলিচে বল প্রয়োগ কৰাটো বন্ধ কৰাৰ দাবীও চৰকাৰৰ ওচৰত আমি উত্থাপন কৰোঁ, কিয়নো আমাৰ দাবী ন্যায়সংগত আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ আকাংক্ষাৰ অনুৰূপ।'
ইফালে, প্রতিনিধিৰ দলটোৰ সৈতে কৰা আলোচনাৰ পাছত নড্ডাই সামাজিক মাধ্যমত কয়, 'আজি পুৱা প্ৰথমবাৰৰ বাবে প্ৰতিবাদকাৰী আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰস্তাৱ আহে। আৰু পুৱা ১১-৫০ বজাৰ পৰা আমাৰ আলোচনা আৰম্ভ হয়।' তেওঁ কয়, 'চি জে পিৰ প্ৰতিনিধি দলটোৰ সৈতে প্রথমে মৌখিকভাৱে আলোচনা হয় আৰু ইয়াৰ পাছত বিয়লি প্রায় চাৰি বজাত তেওঁলোকে মোক এখন লিখিত স্মাৰক দাখিল কৰে। আন্দোলন সমাপ্ত কৰিবলৈ আৰু পৰিস্থিতি স্বাভাৱিক কৰাত সহায় কৰিবলৈ মই প্ৰতিবাদকাৰীক অনুৰোধ জনাইছোঁ।'
ইফালে, দাসে জনোৱা মতে, যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বল প্রয়োগ নকৰে বুলি নড্ডাই তেওঁলোকক আশ্বাস দিছে। দাসে লগতে কয় যে তেওঁলোকৰ দাবীৰ সন্দৰ্ভত উপযুক্ত পর্যায়ত আলোচনা কৰা হ'ব বুলি নড্ডাই আশ্বাস দিয়ে কিন্তু তেওঁ কোনোধৰণৰ প্ৰতিশ্রুতি দিয়া নাই। ৰাংকাই কয় যে নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিল, চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ প'ৰ্টেলৰ বিষয়সমূহ আৰু চি ইউ ই টিৰ ফল ঘোষণাত পলম হোৱা ৰাজহুৱা পৰীক্ষা পৰিচালনাত ব্যর্থ হোৱাৰ বাবে প্রধানৰ পদত্যাগ তেওঁলোকৰ প্ৰধান দাবী।