'ফিফা'ক অভিযোগ ব্রিটেইনৰ মন্ত্ৰীৰ, 'ফকলেণ্ড'ৰ বেনাৰ প্রদর্শনক লৈ বিতর্কত আর্জেন্টিনা

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্ব কাপৰ ছেমি ফাইনেলত বৃহস্পতিবাৰে ইংলেণ্ডক ২-১ গ'লত পৰাজিত কৰাৰ পাছত আর্জেন্টিনাৰ খেলুৱৈসকলে কৰা বিজয় উৎসৱৰ সময়ত ঘটা এটা ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

আর্জেন্টিনাৰ খেলুৱৈসকলে ইংলেণ্ডক পৰাজিত কৰাৰ পাছত ষ্টেডিয়ামত ফকলেণ্ড দ্বীপৰ সৈতে জড়িত এখন বেনাৰ প্ৰদৰ্শন কৰে। পাছত এই বিষয়টোৱে ৰাজনীতিৰ ৰূপ লয় আৰু ইয়াৰ বিৰুদ্ধে বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থা ফিফাক অভিযোগ দাখিল কৰা হয়। ইংলেণ্ডক ২-১ গ'লত পৰাজিত কৰাৰ পাছত আর্জেন্টিনাৰ খেলুৱৈসকলে বৃহস্পতিবাৰে ষ্টেডিয়ামত 'লাছ মালভিনাছ ছন আর্জেন্টিনা' (ফকলেণ্ড আর্জেন্টিনাৰ) বুলি লিখা থকা এখন বেনাৰ প্ৰদৰ্শন কৰে। ইয়াৰ পাছত ব্রিটেইনৰ এজন মন্ত্রীয়ে এই বিষয়টোক লৈ ফিফাৰ ওচৰত অভিযোগ দাখিল কৰে আৰু এই বিষয়টোৰ তদন্তৰ দাবী কৰে। পাছত বৃহস্পতিবাৰে শেহ নিশা ফিফাই এটা বিবৃতি প্রকাশ কৰি কয় যে তেওঁলোকে মেচৰ প্ৰতিবেদন বিশ্লেষণ কৰি আছে আৰু তাৰ পাছত এটা সিদ্ধান্ত গ্রহণ কৰিব। 

ফিফাই প্ৰকাশ কৰা মতে, স্বতন্ত্র অনুশাসন কমিটীয়ে সকলো পৰিস্থিতি সমীক্ষা কৰি চোৱাৰ পাছত ফিফাৰ অনুশাসন সংহিতাৰ অধীনত ব্যৱস্থা গ্রহণ কৰিব। ব্রিটেইনৰ বাণিজ্য মন্ত্ৰী পীটাৰ কাইলে আৰ্জেন্টিনাৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা বেনাৰে ফিফাৰ নিয়মৰ গুৰুতৰ উলংঘা কৰা বুলি অভিযোগ কৰে। তেওঁক এই বিষয়ত সমর্থন জনাইছে প্রধানমন্ত্রী কীয়েৰ ষ্টাৰ্মাৰে। প্ৰধানমন্ত্ৰীজনৰ মতে, খেলপথাৰত ৰাজনৈতিক প্রতীক প্ৰদৰ্শনৰ অনুমতি নাই। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন মুখপাত্রই কয়, 'বিশ্বকাপ আমাৰ নহ'লেও ফকলেণ্ড দ্বীপ নিশ্চিতভাৱে আমাৰ।' 

উল্লেখযোগ্য যে আর্জেন্টিনাৰ দলটোৰ খেলুৱৈসকলৰ একে ধৰণৰ আচৰণৰ বাবে ২০১৪ চনত ২০ হাজাৰ পাউণ্ডৰ জৰিমনা বিহা হৈছিল। ইফালে, আর্জেন্টিনাৰ খেলুৱৈসকলে উক্ত বেনাৰ প্ৰদৰ্শন কৰাৰ পাছতে ব্রিটেইনৰ যুঁজাৰু জাহাজ আর্জেন্টিনাৰ সামুদ্রিক সীমাৰ ভিতৰত অনুপ্ৰৱেশ কৰাৰো অভিযোগ উঠিছে। 

আর্জেন্টিনাই কৰা অভিযোগ মতে, ব্রিটেইনৰ ৰয়েল নেভীৰ যুঁজাৰু জাহাজ এইচ এম এছ মেডৱেই বিনা অনুমতিত তেওঁলোকৰ সামুদ্রিক সীমাৰ ভিতৰত প্ৰৱেশ কৰে। আর্জেন্টিনাই ইয়াক সামৰিক অনুপ্ৰৱেশ বুলি অভিহিত কৰে আৰু বুয়েনছ আয়াৰ্ছত থকা ব্রিটেইনৰ দূতাৱাসৰ ওচৰত আনুষ্ঠানিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ফকলেণ্ডক লৈ ব্রিটেইন আৰু আর্জেন্টিনাৰ মাজত দীর্ঘ দিনীয়া বিবাদ চলি আছে।

Share This