আজিৰ পৰা অসম প্রিমিয়াৰ লীগ ক্রিকেট

dainik janambhumi August 01, 2026

ডিজিটেল ডেস্ক: অসম ক্রিকেট সন্থাৰ তত্ত্বাৱধানত 'আমাৰ অসম, আমাৰ গৌৰৱ' মূলমন্ত্ৰৰে আয়োজন কৰা 'ইম্পেৰিয়েল ব্লু পেকেজড ড্রিংকিং ৱাটাৰ অসম প্রিমিয়াৰ লীগ (এ পি এল-২০২৬) আজিৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ'ব। প্রথম এ পি এলৰ উদ্বোধনীৰ দিনাই দুখনকৈ খেল অনুষ্ঠিত হ'ব। দিনৰ দুই বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া সাত বজাত তেজপুৰ টাইটানছৰ মুখামুখি হ'ব ডিব্ৰুগড় ৱাৰিয়ৰ্ছ। 

অসম ক্রিকেট সন্থাই হার্টথ্রব জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনাই এ পি এলৰ উদ্বোধনী অনুষ্ঠানত 'যন্ত্র' গ্ৰুপৰ সাংস্কৃতিক অনুষ্ঠান তথা বিহু শিল্পীৰ গীত-নৃত্যৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল যদিও বানৰ মৃতকৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে বুলি কালি সংবাদমেলত বি চি চি আইৰ সচিব দেৱজিত শইকীয়াই ব্যক্ত কৰে। 'অসম ক্রিকেট সন্থাই দীর্ঘদিনীয়া পৰিকল্পনা আৰু কষ্টৰ পাছত এ পি এল আয়োজন কৰিবলৈ ওলাইছে। এয়া অসমৰ ক্রিকেটাৰৰ সপোন সাৰ্থক হোৱাৰ এখন প্রতিযোগিতা। 

ৰাজ্যখনৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলে ঘৰুৱা ক্রিকেটত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন কৰি অহাৰ পাছতো আই পি এল দলত আশা কৰাৰ দৰে স্থান পোৱা নাই। ইয়াৰ কাৰণ হ'ল আই পি এলৰ দৰে এখন ৰাজ্যিক লীগ অসমত নাছিল। ইয়াৰ বিপৰীতে অন্য ৰাজ্যৰ ক্রিকেটাৰে বি চি চি আইৰ প্ৰতিযোগিতাত সফল নহ'লেও নিজৰ ৰাজ্যিক লীগত কৰা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ কৰিছে। এই দৃষ্টিকোণৰে অসমৰ ক্ৰিকেটাৰ সুন্দৰ কেৰিয়াৰৰ স্বাৰ্থ আগত ৰাখি আমি এ পি এল আয়োজন কৰিছোঁ।' শইকীয়াই ব্যক্ত কৰে। 

ইফালে, ৰাজ্যৰ বান পৰিস্থিতিৰ দুখৰ সময়ত এ পি এল আয়োজনক লৈ কৰা একাংশৰ সমালোচনাৰ উত্তৰ দি শইকীয়াই কয়, 'এ চি এ লীগ পিছুৱাই দিয়াৰ বিষয়ে আলোচনা কৰিছিল। কিন্তু, ষ্টাৰ স্প'ৰ্টছ আৰু বি চি চি আইৰ এবছৰ পূৰ্বৰ নিৰ্ধাৰিত সূচীৰ বাবেই সেয়া অসম্ভৱ। বি চি চি আইৰ ক্ৰিকেট ছিজন আগষ্টৰ চতুর্থ সপ্তাহৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী বৰ্ষৰ মে' মাহত অন্ত পৰে। এই সময়তে ঘৰুৱা প্রতিযোগিতা, আন্তর্জাতিক শৃংখলা তথা আই পি এল অনুষ্ঠিত হয়। সেয়ে, ব'র্ডে সকলো ৰাজ্যক লীগ আয়োজন কৰিবলৈ জুনৰ প্ৰথম সপ্তাহৰ পৰা আগষ্টৰ তৃতীয় সপ্তাহলৈ সময় নির্ধাৰণ কৰি দিয়ে। একেদৰে ষ্টাৰ স্প'ৰ্টছক এবছৰ আগতে আগতীয়া ধন দি বুকিং কৰিব লাগে। টিভিত সম্প্ৰচাৰ নকৰাকৈ লীগ আয়োজন কৰিলে অসমৰ খেলুৱৈ লাভান্বিত নহ'ব। আনহাতে, ৰাজ্যৰ ক্ৰিকেটাৰেও আগষ্টৰ শেষৰ পৰাই ঘৰুৱা ক্রিকেটত খেলিব লাগিব। কাৰ্যতঃ অহা বছৰ জুন-আগষ্টলৈ লীগ পিছুৱাই যাব।' 

উল্লেখযোগ্য যে অসম ক্রিকেটে সদায়ে বিপদত ৰাজ্যবাসীৰ কাষত থিয় হৈ আছে। কৰ'নাৰ সময়ত এ চি এ ষ্টেডিয়াম ৰাজ্য চৰকাৰক এৰি দিয়া এ চি এই প্রতিটো বানৰ সময়তে অর্থ সাহায্য দি আছিছে। এ পি এলৰ দল তথা ক্রিকেট সংগঠকসকলেও বানাক্রান্ত অঞ্চললৈ গৈ সকলোধৰণৰ সাহায্য প্ৰদান কৰি আছে। অসমৰ ক্রিকেটাৰৰ স্বাৰ্থতহে কঠিন পৰিস্থিতিত এ পি এল আয়োজন কৰিবলৈ সাজু হৈছে এ চি এ। কালি সাংবাদমেলত এ চি এৰ সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, এ পি এলৰ অধ্যক্ষ ৰাজদ্বীপ ওজাৰ লগতে এপেক্স কমিটীৰ মুকুতানন্দ ভট্টাচার্য উপস্থিত থাকে। ইফালে, বানত নিহতসকলৰ প্রতি সন্মান জনাই উদ্বোধনীৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ বাবে ব'ৰ্ডৰ সচিব দেৱাক্ষি শইকীয়াৰ সিদ্ধান্তক আদৰণি জনাইছে অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক বিকাশ বৰুৱাই।

Share This