ডিজিটেল ডেস্ক : ব্রাজিলক ফুটবলৰ দেশ বুলি কোৱা হয়। পিছে সেই দেশৰ জনসাধাৰণৰ এতিয়া ফুটবলৰ প্ৰতি আগ্ৰহ কমিছে। শেহতীয়াকৈ কৰা এক সমীক্ষাত প্রকাশ পাইছে যে ৩৬ শতাংশ ব্রাজিলৰ লোকৰ ফুটবলক লৈ একেবাৰেই আগ্রহ নাই। ২০২৩ চনত ২৮ শতাংশ লোক খেলবিধৰ প্ৰতি আগ্ৰহী নাছিল। অর্থাৎ ধাৰাবাহিক ব্যৰ্থতাৰ বাবেও ব্রাজিলৰ সমর্থক হ্রাস পাইছে। ইয়াৰ কাৰণ হিচাপে কেইবাটাও দৃশ্যমান বিষয় আছে। ব্রাজিলিয়ান দলটো নিৰন্তৰ বিফলতাৰ বাবে বিধ্বস্ত হৈ আহিছে। দলক অকলেই আগুৱাই নিব পৰাকৈ ওলাই অহা নাই কোনো তাৰকা। অনুৰাগীসকলেও তেওঁলোকক পিঠি দিবলৈ আৰম্ভ কৰিছে। সদ্য সমাপ্ত বিশ্ব কাপত নৰৱেৰ হাতত পৰাজয়েৰে ব্রাজিলে অন্তিম ১৬ৰ পৰা বিদায় লৈছিল। এই খেলৰ ফলাফলে অনুৰাগীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। ফুটবলৰ প্রতি ব্রাজিলৰ আগ্রহ হ্রাস পাইছে। যোৱা ৩ বছৰত সেয়া যথেষ্ট কমিছে।
ইফালে শেহতীয়াকৈ প্রমাণিত ডাটাফ'লহাৰ সমীক্ষা অনুসৰি ১৬ বছৰ আৰু ইয়াৰ অধিক বয়সীয়া ব্রাজিলিয়ানবাসীৰ ৬৪ শতাংশই ফুটবলক লৈ অগ্রহী। ইয়াৰ মাজৰ ২৮ শতাংশই কয় যে ফুটবলৰ প্ৰতি তেওঁলোকৰ প্ৰচুৰ আগ্রহ আছে। আনহাতে ৩৬ শতাংশৰ আছে কিছু আগ্রহ। বাকী ৩৬ শতাংশই জনায় যে তেওঁলোকে ফুটবলৰ খবৰেই নাৰাখে। ফুটবলৰ দেশ ব্রাজিলৰ এই অৱস্থা যথেষ্ট অভাৱনীয়।
জৰীপৰ তথ্য অনুসৰি শিক্ষাৰ স্তৰেও ফুটবলৰ প্ৰতি আগ্ৰহৰ ওপৰত প্ৰভাৱ পেলাইছে। প্রাথমিক শিক্ষা থকাসকলৰ ভিতৰত ৪১ শতাংশই ফুটবলক অনুসৰণ কৰে। মাধ্যমিক শিক্ষা গ্রহণ কৰাসকলৰ মাজত এই হাৰ ৬৭ শতাংশলৈ বৃদ্ধি পায়। উচ্চ শিক্ষা গ্রহণ কৰাসকলৰ ভিতৰত ই সর্বাধিক ৭৫ শতাংশ। উল্লেখযোগ্য যে ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলে ক্রমাগতভাবে ষষ্ঠবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে।