কয়লা মাফিয়া সাম্রাজ্যৰ ৬০০ কোটি টকাৰ সম্পত্তি জব্দ, ঝাৰখণ্ডৰ ২৫ ঠাইত ই ডিৰ তালাচী, অবৈধ কয়লা বেহাৰ চক্ৰ উৎখাত

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : ঝাৰখণ্ডৰ ধানবাদত আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) এটা বৃহত্তম অর্থনৈতিক অপৰাধৰ তদন্ত চলাই কয়লা মাফিয়া চক্ৰৰ সৈতে জড়িত বৃহৎ পৰিমাণৰ অবৈধ ধনৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। ধানবাদত কয়লাৰ অবৈধ বেহাৰ সৈতে জড়িত ৬০০ কোটি টকাৰ বেনামী সম্পদৰ তথ্য উদ্‌ঘাটন কৰে ই ডিয়ে। অর্থনৈতিক অপৰাধ-বিৰোধী সংস্থাটোৱে ৰাজ্যখনৰ ২৫ ঠাইত একে সময়তে তালাচী চলায়। কুখ্যাত কয়লা মাফিয়া এল বি সিং, অনিল গোৱেল, জ্ঞানেশ যাদৱ, পাপ্পু মণ্ডল আৰু তেওঁলোকৰ বিভিন্ন সহযোগীৰ ২৫টা স্থানত ই ডিয়ে তালাচী চলায়। ব্যাপক তালাচীৰ সময়ত ই ডিৰ বিষয়াসকলে ১-১.৫ কোটি টকাৰ বাণ্ডোলৰ বহুতো নগদ ধন জব্দ কৰে। 

তদুপৰি ১৬০ কোটি টকাৰ বেংক একাউন্ট আৰু মিউচুৱেল ফাণ্ডৰ ধন বাজেয়াপ্ত কৰে। এই ধনবোৰ কয়লাৰ অবৈধ খনন আৰু বেহাৰ সৈতে জড়িত। অবৈধ কয়লা ব্যৱসায়ৰে জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰ আৰু অবৈধ সম্পত্তি গঢ়া গোচৰৰ সংক্ৰান্তত ই ডিয়ে এইব্যাপক অভিযান চলাইছিল। বিষয়াসকলে এই বেনামী সম্পদসমূহৰ তথ্যসমূহ পৰীক্ষা কৰি ইয়াৰ সৈতে জড়িত চক্ৰ আৰু ব্যক্তিৰ তথ্য উলিয়াবলৈ অনুসন্ধান অব্যাহত ৰাখিছে। ইডিয়ে ধানবাদৰ সৰয়'ধৈলা, কাটৰাছ, ঝাৰিয়া আদি অঞ্চলসহ ঝাৰখণ্ডৰ ২৫ ঠাইত চলোৱা তালাচী সোমবাৰৰ পৰা আৰম্ভ কৰিছিল। 

অনুসন্ধানকাৰীসকলে প্রায় ২০০টা সম্পত্তিৰ তথ্য উদঘাটন কৰে। সেইসমূহৰ ভিতৰত ভূমি, বাণিজ্যিক চৌহদ আৰু কয়লাখনিৰ শ্বেয়াৰ আছে। এই বেনামী সম্পত্তিৰ মূল্য প্রায় ৫০০-৬০০ কোটি টকাৰ ভিতৰত হ'ব। বাতৰি মতে, ই ডিৰ বিষয়াসকলে বিভিন্ন ডিজিটেল সঁজুলি, বেংক একাউন্ট জব্দ কৰিছে। এইবোৰ অবৈধ কয়লা খনন, ধনদাবী, বলপূর্বক মাচুল সংগ্রহ আৰু ধনৰ অবৈধ সৰবৰাহ চক্ৰৰ সৈতে জড়িত বুলি ই ডিয়ে দাবী কৰিছে।

Share This