ডিজিটেল ডেস্ক : বাংলাদেশী আৰু ৰহিঙীয়া শৰণাৰ্থীক ভাৰতত অবৈধভাৱে প্ৰৱেশৰ সুবিধা কৰি দিয়া এটা চক্রক উৎখাত কৰিবলৈ তালাচী চলাই আছে দেশৰ আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি)। ভাৰতত অনুপ্ৰৱেশত সহায় কৰা এটা আন্তঃৰাষ্ট্ৰীয় চক্রক উৎখাত কৰাৰ বাবে আইন বলৱৎকাৰী সঞ্চালকালয়ে বিভিন্ন ৰাজ্যৰ ১৩ ঠাইত তালাচী চলায়। এই চক্রটোৱে বাংলাদেশী আৰু ৰহিঙীয়া শৰণাৰ্থীক ভুৱা পৰিচয়-নথি, হাৱালা লেনদেন আৰু সন্ত্ৰাসৰ পুঁজি যোগান ধৰি আহিছে। পশ্চিম বংগ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এটা সংঘবদ্ধ অপৰাধী চক্রই ভাৰত-বিৰোধী কার্যকলাপ চলাই আহিছিল আৰু ২০২৩ চনত উত্তৰ প্ৰদেশ সন্ত্রাসবাদ-বিৰোধী দলে (এ টি এছ) এই বিষয়ত এটা গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ সংক্ৰান্ততে ই ডিয়ে বৃহস্পতিবাৰৰ পৰা তালাচী চলায়।
অনুসন্ধানত তথ্য পোহৰলৈ আহিছে যে এই চক্ৰটোৱে দৰিদ্ৰ আৰু কম পঢ়া ভাৰতীয় লোকৰ বায়'মেট্রিক ডাটা চুৰ কৰে আৰু এই ডাটাৰ অপব্যৱহাৰ কৰি বাংলাদেশী আৰু ৰহিঙীয়া শৰণাৰ্থীক ভাৰতত অবৈধভাৱে প্ৰৱেশৰ বাবে চুৰ কৰা বায়'মেট্রিক ডাটাবোৰ যোগান ধৰে। চৰকাৰী ৰেছন কার্ড যোগানৰ নামত দৰিদ্ৰ ভাৰতীয় নাগৰিকৰ ফিংগাৰপ্রিণ্ট (আঙুলিৰ চাপ) টেলিকম আৰু বেংকৰ এজেণ্টৰ পৰা সংগ্ৰহ কৰিছিল এই চক্ৰটোৱে আৰু আব্দুল আৱালৰ দৰে চক্ৰটোৰ সদস্যই ভাৰতীয় নাগৰিকৰ বায়'মেট্রিক ডাটা নকল কৰি বাংলাদেশী আৰু ৰহিঙীয়া শৰণাৰ্থীক ব্যৱহাৰ কৰিব দিছিল। অনুসন্ধানৰ সময়ত ই ডিয়ে তথ্য লাভ কৰিছে যে এই চক্ৰটোৱে আদিল-উৰ-ৰহ মান আশ্ৰফী নামৰ এটা বাংলাদেশী নাগৰিকক ভুৱা নথি যোগান ধৰি ভাৰতত অনুপ্ৰৱেশৰ সুবিধা কৰি দিছিল আৰু বাংলাদেশীটোৰ লগতে কেইবাজনো আহি বাংলাদেশৰ পৰা ভাৰতৰ পাঁচখন বিভিন্ন ৰাজ্যত অবৈধভাৱে বাস কৰি আছে।
এই চক্ৰটোৰ গুৰি ধৰি আছে দেওবান্দ ভিত্তিক সমন্বয়ক নাজিৰ-উল-হকে। তদুপৰি, আবু চালেহ মণ্ডল নামৰ অভিযুক্তটোৱে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰি এই কুকর্ম চলোৱাত সহায় কৰি আছে। আনহাতে, এই চক্ৰটোৰ সৈতে ব্রিটেইন-ভিত্তিক এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্রও জড়িত আছে। ই ডিয়ে এই সমগ্র বিত্তীয় লেনদেন আৰু ইয়াৰ সৈতে জড়িত বিদেশী সংস্থা আৰু দেশীয় সদস্যৰ সন্ধানত অভিযান চলাই আছে।