ডিজিটেল ডেস্ক : পলমকৈ অহা বাৰিষাৰ বাবে দেশৰ অধিকাংশ অঞ্চলত খাৰিফ শস্যৰ প্ৰতি সংকট নামি আহিছে। শেহতীয়াকৈ দেশৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ অংশত বাৰিষাৰ প্ৰভাৱ পৰিলেও সময়মতে বৰষুণ নোহোৱাৰ ফলত বিভিন্ন বর্ষানিৰ্ভৰ খাৰিফ শস্যৰ বীজ ৰোপণেই কৰিব পৰা নগ'ল। কৃষি বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ধান, মাহজাতীয় শস্য, দানাশস্য, কপাহ, তৈল বীজ সিঁচা আৰু বীজ ৰোপণৰ সময় উকলি যোৱাৰ বাবে শেহতীয়াকৈ বৃষ্টিপাত উন্নত হোৱা সত্ত্বেও বিভিন্ন ঠাইৰ খেতিপথাৰত খাৰিফ শস্যৰ বীজ কৃষকে ৰোপণ কৰিব নোৱাৰিলে। বিগত বৰ্ষৰ তুলনাত শস্যৰ বীজ ৰোপণৰ হাৰ এইবাৰ লক্ষণীয়ভাবে হ্রাস পাইছে। যোৱা ১৭ জুলাইৰ তথ্য অনুসৰি, দেশৰ ৬.৫৮ কোটি হেক্টৰ ভূমিত এইবাৰ কৃষকে খাৰিফ শস্যৰ বীজ ৰোপণ কৰিছে। যোৱা বৰ্ষত বাৰিষাৰ বতৰত কৃষকে ৭ কোটি হেক্টৰ ভূমিত শস্যৰ বীজ ৰোপণ কৰিছিল। বিগত বৰ্ষৰ তুলনাত এইবাৰ ৬ শতাংশ শস্যৰ বীজ ৰোপণৰ হাৰ হ্ৰাস পাইছে।
বৃষ্টিপাতৰ হাৰ উন্নত হোৱাৰ বাবে এই ব্যৱধান নাইকিয়া কৰিব পৰা গ'লহেঁতেন যদিও শস্য বীজ সিঁচা বা ৰোপণৰ সময় বর্তমান উকলি গৈছে। শস্য অনুসৰি সিঁচা অথবা ৰোপণৰ পৰিসংখ্যাত দেখা গৈছে যে অধিকাংশ বর্ষানিৰ্ভৰ খাৰিফ শস্য পানীৰ অভাৱত সময়মতে ৰোপণ কৰিব পৰা নগ'ল। মাহজাতীয় শস্য (মচুৰ, মণ্ড, বুট, মাটিমাহ, মটৰ মাহ) আদি খাৰিফ শস্য ৬৯ লাখ হেক্টৰ ভূমিত এইবাৰ সিঁচিব পৰা গৈছে। যিটো যোৱা বর্ষতকৈ ১৫.১ শতাংশ হ্রাস পাইছে। ঠিক সেইদৰে দানাশস্য (মিলেট) (মাকৈ, জোৱাৰ, বাজৰা, মৰুৱা ধান) সিঁচা হৈছে ১১৯ লাখ হেক্টৰ ভূমিত। যিটো যোৱা বছৰৰ তুলনাত ১১.২ শতাংশ হ্রাস পাইছে। ইয়াৰ ভিতৰত মাকৈ আৰু বাজৰাৰ সিঁচাৰ হাৰ অতি নিম্নগামী। তদুপৰি, তৈল বীজ (সৰিয়হ, তিল, টিচি, বাদাম) ১৪৭ লাখ হেক্টৰ ভূমিত এইবাৰ সিঁচা হৈছে আৰু যোৱা বৰ্ষৰ তুলনাত ৫.৫ শতাংশ হ্রাস পাইছে। ছয়াবিনৰ বীজ ৰোপণৰ হাৰ যোৱা বৰ্ষৰ তুলনাত ৪.৫ শতাংশ হ্রাস পাইছে। আনহাতে, কপাহৰ বীজ ৰোপণ ৯৩ লাখ হেক্টৰ ভূমিত কৰা হৈছে যদিও বিগত বৰ্ষৰ তুলনাত ৬ শতাংশ হ্রাস পাইছে।
ধান শস্যৰ কঠীয়া ৰোপণৰ ক্ষেত্ৰত অৱশ্যে পূৰ্বৰ বৰ্ষৰ তুলনাত অলপহে হ্রাস পাইছে। ধান শস্যৰ কঠীয়া ১৬৬ লাখ হেক্টৰ ভূমিত ৰোপণ কৰা হৈছে, যিটো যোৱা বৰ্ষৰ তুলনাত ০.৮ শতাংশ হ্রাস পাইছে। কৃষি বিজ্ঞানীসকলে মত প্রকাশ কৰিছে যে পলমকৈ অহা বাৰিষাৰ বাবে কিছুমান খাৰিফ শস্যৰ অপূৰণীয় ক্ষতি কৰিছে। ইয়াৰ ফলত দেশত মাহজাতীয় খাদ্য, তৈল বীজ আৰু দানা শস্যৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে যোৱা ২০ জুলাইলৈকে চলিত বাৰিষাত স্বাভাৱিক বৃষ্টিপাত ৩৪২.১ মিলিমিটাৰ বৃষ্টিপাতৰ বিপৰীতে ২৬৩.২ মিলিমিটাৰহে হৈছে। চলিত বাৰিষাত দেশত ২৩ শতাংশ বৃষ্টিপাত হ্রাস পাইছে।