ৰিয়ান পৰাগৰ বাবে অগ্নিপৰীক্ষা, আজি দিল্লী কেপিটেলছ-ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ খেল

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক : ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আজিৰ এখন মেচত ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। প্লেঅফৰ সম্ভাবনা জীয়াই ৰখাৰ বাবে আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আন কথাত প্লেঅফৰ সম্ভাবনা জীয়াই ৰখাৰ বাবে আজি দুয়োটা দলে জয়ৰ লক্ষ্যৰে খেল পথাৰত নামিব। ৰাজস্থান বয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বাবে এই মেচখন অগ্নিপৰীক্ষা স্বৰূপ হ'ব। 

উল্লেখযোগ্য যে এইবাৰৰ প্রতিযোগিতাৰ প্ৰাৰম্ভিক মেচকেই খনত ৰাজস্থানে শক্তিশালীভাৱে জয়ী হোৱাৰ পাছত অধিনায়ক ৰিয়ানৰ নেতৃত্বক ক্রিকেট সমালোচকসকলে ভূয়সী প্রশংসা কৰিছিল, কিন্তু পাছৰ মেচসমূহত ৰিয়ানে ধাৰাবাহিকতা ৰাখিব নোৱাৰিলে। এনে অৱস্থাত আজি মেচখনত দলক জয়ী কৰোৱাই ৰিয়ানে নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিব পাৰিব লাগিব। অৱশ্যে আজিৰ মেচখনত দলটোৰ বিস্ফোৰক অপেনাৰ বৈভৱ সূর্যবংশীয়ে ছিম আৰু ছুইঙত দক্ষতা থকা মিচেল ষ্টাৰ্কক কেনেকৈ প্ৰত্যুত্তৰ দিয়ে তাৰ ওপৰতো খেলৰ ফল বহুখিনি নিৰ্ভৰ কৰিব। উল্লেখযোগ্য যে দিল্লীয়ে ১২খন মেচৰ পৰা ১০ পইন্ট সংগ্ৰহ কৰিছে আৰু প্লেঅপত দলটোৰ সম্ভাৱনা প্রায় নাই বুলিব পাৰি। আজিৰ মেচখনত পৰাজিত হ'লে তাৰ লগে লগে দিল্লীৰ প্লেঅফৰ সম্ভাৱনাও নোহোৱা হৈ পৰিব। ইফালে ৰাজস্থানে ১১খন মেচৰ পৰা ১২ পইন্ট সংগ্ৰহ কৰিছে। আজিৰ দলটোৰ প্ৰধান লক্ষ্য হ'ব দিল্লীয়ে যাতে প্লেঅফৰ আশা ভংগ কৰিব নোৱাৰে। 

মন কৰিবলগীয়া যে দিল্লীৰ ফিৰোজশ্বাহ কোটলা গ্রাউণ্ডত খেলাৰ সময়ত দিল্লী কেপিটেছে স্থানীয় দৰ্শকৰ পৰা সঁহাৰি লাভ কৰাত ব্যর্থ হৈছে। ইয়াৰ আগৰকেইখন মেচেই ইয়াৰ প্ৰমাণ। সেয়েহে আজিৰ মেচখনত দৰ্শকে বৈভৱক সমর্থন জনালেও আচৰিত হ'বলগীয়া একো নাথাকিব। কিন্তু বিগত ১১খন মেচত ৪০টা ছয় মৰা আৰু ২৩৬.৫৫ ষ্ট্ৰাইক ৰেটেৰে ৪৪০ ৰান কৰা বৈভৱৰ বিশ্বৰ অন্যতম আগশাৰীৰ বলাৰ ষ্টাৰ্কৰ মুখামুখি কেনেকৈ হয় সেইটো চাবলগীয়া হ'ব। ৰাজস্থানৰ বাবে প্রধান চিন্তাৰ কাৰণ হ'ল অধিনায়ক ৰিয়ানৰ হতাশাজনক প্ৰদৰ্শন। তেওঁ বিগত ১০খন মেচত সংগ্ৰহ কৰিছে মাত্র ২০৭ৰান। অৱশ্যে জোফ্রা আৰ্ছাৰৰ নেতৃত্বত ৰাজস্থানৰ বলিং বিভাগে সুন্দৰ প্ৰদৰ্শন কৰি আছে।

Share This