ডিজিটেল ডেস্ক : নীট-ইউ জি চি প্রশ্নকাকত ফাদিলক লৈ শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আন্দোলন কৰি থকা ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) আন্দোলনে কালি দেশৰ ৰাজধানী দিল্লীত বিস্ফোৰক ৰূপ ধাৰণ কৰে। সোনম বাংচুকৰ অনশনে দেশজোৰা প্ৰভাৱ পেলোৱাৰ সময়ত হিংসাত্মক ৰূপ লয়।
কালি চি জে পিৰ হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে দেশৰ ৰাজধানী কঁপাই আন্দোলনৰ স্থলী যন্তৰ মন্তৰৰ পৰা সংসদলৈ প্রতিবাদী শোভাযাত্ৰা আৰম্ভ কৰে। 'প্রতিবাদকাৰীসকলে কালি পুৱা দহ বজাত বেৰিকেড ভাঙি সংসদ অভিমুখে আগবাঢ়ে। সেই সময়ত তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰা হয় যদিও প্রতিবাদীসকল সংসদৰ কাষ চাপে। সিমানতো ক্ষান্ত নাথাকি প্রতিবাদকাৰীয়ে সংসদত প্ৰৱেশৰো চেষ্টা কৰে। তেতিয়া সংসদৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হয় আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰতিৰোধ কৰিবলৈ নির্বিচাৰ লাঠীচালনা কৰে আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। প্ৰত্যুত্তৰত একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি উ দলিয়ায়। কালি সন্ধিয়ালৈকে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত চলি থকা সংঘর্ষত ভালেমান প্রতিবাদকাৰীৰ লগতে আৰক্ষীৰ লোক আহত হৈছে। আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ প্রয়োগ কৰাৰ পাছত প্রতিবাদকাৰী ছেদেলি-ভেদেলি হৈ পৰে। বাহিৰত এই ঘটনাসমূহ ঘটি থকাৰ সময়ত সংসদৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল। চি জে পিৰ এই আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কঠোৰ নিৰাপত্তা ব্যবস্থা গ্রহণ কৰা হয়। কেইবা ঠাইতো কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চি জে পিৰ হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে সেই প্রতিৰোধ ভাঙি সংসদ অভিমুখে আগবাঢ়ে আৰু বিভিন্ন পথৰ পৰাও বহু প্রতিবাদকাৰীয়ে ওলাই আহি শোভাযাত্রাত যোগ দিয়ে আৰু শ্ল'গান দিবলৈ ধৰে। ঘৰৰ পৰা মনে মনে ইউনিফর্ম পৰিধান কৰি ওলাই অহা ছাত্র-ছাত্রী, আন ৰাজ্যৰ পৰা অহা জ্যেষ্ঠ নাগৰিকেও হাতত বেনাৰ-প'ষ্টাৰ লৈ প্রতিবাদী শোভাযাত্রাত যোগ দিয়ে। প্রতিবাদকাৰীয়ে কেইবা ঠাইতো বেৰিকেড ভাঙি আগবাঢ়ি যায়।
ইফালে কালি সন্ধিয়া আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ প্রয়োগ কৰি যন্তৰ মন্তৰৰ পৰা প্ৰতিবাদকাৰীক খেদি পঠিওৱাৰ চেষ্টা কৰে আৰু তাত থকা মঞ্চ খালী কৰি দিয়ে। সেই সময়ত আৰক্ষীয়ে অতি কঠোৰ হাতেৰে লাঠীচালনা কৰাত কেইবাজনো লোক আহত হয়। কিন্তু কিছু সময়ৰ পাছতে একাংশ প্রতিবাদকাৰী পুনৰ যন্তৰ মন্তৰত গোট খায় আৰু ৰাষ্ট্ৰীয় সংগীত গাবলৈ ধৰে। সেই সময়ত তাত উপস্থিত থকা একাংশ ছাত্রী তথা মহিলাক কান্দি থকা দেখা পোৱা যায়। চি জে পিয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'অভিজিৎ দীপকে, সৌৰভ দাস, আশুতোষ ৰাংকা আৰু গীতাঞ্জলি অংমোরে এতিয়াও যন্তৰ মন্তৰত ধৰ্ণা দি থকাৰ লগতে প্রতিবাদ অব্যাহত ৰাখিছে। এই শান্তিপূর্ণ প্রতিবাদৰ অন্ত পৰা নাই। দিল্লীবাসী বাহিৰলৈ ওলাই আহক আৰু আমাৰ আন্দোলনত যোগ দিয়ক।' চি জে পিয়ে লগতে কয় যে তেওঁলোকে শিলগুটি দলিওৱা নাই, প্রকৃততে আৰক্ষীয়েহে শিলগুটি দলিয়াইছে। দিল্লী পুলিচৰ মতে প্রতিবাদকাৰীৰ সৈতে হোৱা সংঘর্ষত ৫০ জনতকৈ অধিক আৰক্ষীৰ লোক আহত হয়। সূত্ৰসমূহে প্রকাশ কৰা মতে, দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।
উল্লেখযোগ্য যে কালি পুৱাই মধ্য দিল্লী প্রতিবাদকাৰীৰে ভৰি পৰে আৰু হাতে হাতে পতাকা, প'ষ্টাৰ, বেনাৰ লৈ শ্ল'গান দি সংসদ অভিমুখে আগবাঢ়ে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ভালেমান প্রতিবাদকাৰী নিশা বাছ আৰু ৰে'লত ভ্ৰমণ কৰি দেশৰ ৰাজধানীত উপস্থিত আৰু লগত নিজৰ বেগ লৈয়ে শোভাযাত্রাত যোগ দিয়ে। আনকি বৰষুণেও প্রতিবাদকাৰীক প্ৰতিৰোধ কৰিব পৰা নাছিল। তেওঁলোকৰ চৌদিশে হিংসাত্মক ঘটনা প্রতিৰোধী সঁজুলিসহ আৰক্ষী মোতায়েন কৰা হৈছিল। প্রতিবাদকাৰীক আটক কৰি লৈ যোৱাৰ বাবে বাছো সাজু কৰি ৰখা হৈছিল। ইয়াৰ লগতে বেৰিকেডো লগোৱ হৈছিল। প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি আগবাঢ়ি যোৱাৰ চেষ্টা কৰাৰ সময়ত সংসদ মার্গ, পেটেল চক, ৰে'ল ভৱন আৰু আন এলেকাত তেওঁলোকক তাৰ পৰা খেদি পঠিওৱাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰে। আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত ভালেমান প্রতিবাদকাৰী আহত হয়। আৰক্ষীৰ নিৰ্মমতাৰ পৰা হাত সাৰি নগ'ল স্কুলায়ী ছাত্র-ছাত্রীও। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ লোকো আহত হয়।
ইফালে সংঘৰ্ষৰ বাতৰি যাতে বিয়পিব নোৱাৰে তাৰ প্রতি সতর্কতামূলক ব্যৱস্থা হিচাপে মধ্য দিল্লীৰ কেইবা ঠাইতো ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। সংসদলৈ যোৱা মূল পথ আৰক্ষীয়ে ছীল কৰি দিয়াৰ পাছত প্রতিবাদকাৰীয়ে চমু পথ বিচাৰি উলিয়ায় আৰু আৰক্ষীৰ বাধাৰ পৰা হাত সৰাৰ বাবে সংকীর্ণ পথেৰে যাত্ৰা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়ে পাছলৈ ঠেলাৰ পাছতো প্রতিবাদকাৰী ঐক্যবদ্ধ হৈ থাকে আৰু বেৰিকেডত একত্ৰিত হৈ পাৰ হোৱাৰ চেষ্টা কৰে। একাংশ প্রতিবাদকাৰী বেৰিকেডৰ ওপৰেৰে পাৰ হ'বলৈ ধৰে। আৰক্ষীয়ে বাৰে বাৰে বাধা দিয়াত পথত বহি ধর্ণা দিবলৈ ধৰে। এজন প্রতিবাদকাৰীয়ে অভিযোগ কৰি কয়, 'প্রতিবাদী শোভাযাত্রা শান্তিপূর্ণ আছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বল প্রয়োগ কৰে। তাত বয়োজ্যেষ্ঠ লোকো আছিল, তেওঁ পৰি গৈছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশৰ পৰা সাৰি যাবলৈ দিয়া নাছিল।'
ইফালে, পথত বহি পৰা এজন ছাত্রই কৰা অভিযোগ মতে, তেওঁ সংসদ মাৰ্গৰ ওচৰত আৰক্ষীৰ লাঠীচালনাত মূৰত আঘাত পায়। তেওঁ কয়, 'তেওঁলোকে (আৰক্ষীয়ে) মোৰ মূৰত মাৰে আৰু পাছত বলপূর্বকভাৱে গঁতিয়াই ইয়ালৈ লৈ আহে।' এজন প্রতিবাদকাৰীয়ে কয় যে, 'যদি আমি শংকিত হৈ পৰা দেখুৱাওঁ তেতিয়া আমাক ভয়াতুৰ বুলি ক'ব। তেওঁলোকে নিজৰ সন্তানক বিদেশত পঢ়ুৱাইছে, কিন্তু আমাৰ কি হ'ব?'