ডিজিটেল ডেস্ক : জুলাই, এই মাহটো শিৱসাগৰৰ ইতিহাসত বিষাদময় অধ্যায় হিচাপেই লিপিবদ্ধ হৈ থাকিব। বহু বয়োজ্যেষ্ঠই কয়, তেওঁলোকে জীৱনত বহুবাৰ দেখিছে, কিন্তু দিখৌ নদীয়ে এইবাৰ যি ৰূপ দেখুৱালে, তেনে ৰূপ তেওঁলোকে আগতে খুব কমেই দেখা পাইছে। কিন্তু ১৯ জুলাইৰ নিশাৰ পৰা হোৱা প্ৰবল বৰষুণে কেইঘণ্টামানৰ ভিতৰতে নদীৰ পানীয়ে শিৱসাগৰ জিলাৰ নাজিৰা আৰু শিৱসাগৰ মহকুমাৰ একাধিক নগৰ, শতাধিক গাঁও, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, বহুতো বিদ্যালয়, চৰকাৰী কাৰ্যালয়, চিকিৎসালয়, বজাৰ-সকলো গিলি পেলালে। বহু পৰিয়ালে নিজক বচাবলৈ সময় নাপালে।
বহু পৰিয়ালে নিজৰ ঘৰৰ চাল, ওখ ঠাই, গছত আশ্রয় ল'বলৈ বাধ্য হ'ল। শতাধিক গাঁও বহিঃবিশ্বৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ পৰিল। এই বানৰ পাছত সকলোৰে মুখত একেটাই প্রশ্ন-দিখৌ হঠাতে ইমান উগ্র কিয় হ'ল? কোনোৱে ক'লে নগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল। কোনোৱে ক'লে পাহাৰত অস্বাভাৱিক বৰষুণ হৈছে। আনহাতে, পৰিৱেশবিদৰ একাংশই আঙুলিয়াই দিলে পাহাৰত চলি থকা অবাধ কয়লা খনন, বনাঞ্চল ধ্বংস আৰু ভূমিস্খলনৰ দিশটোলৈ। কিন্তু প্রকৃত সত্যটো কি? এই প্রশ্নৰ উত্তৰ বিচাৰিবলৈ হ'লে প্রথমে আমি দিখৌ নদীক জানিব-বুজিব লাগিব।
'বশিষ্ঠ গংগা' দিখৌ এখন পাহাৰৰ বুকুৰ পৰা নামি অহা নদী। দিখৌ নদীৰ জন্ম নগালেণ্ডৰ পাটকাই পৰ্বতমালাৰ উচ্চ পাহাৰত। পাহাৰৰ অসংখ্য সৰু জান-জুৰি একত্রিত হৈ নদীখন গঢ়ি উঠিছে। তাৰ পাছত ই নগালেণ্ড পাৰ হৈ অসমৰ শিৱসাগৰ জিলাত সোমায় আৰু শেষত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হয়। এই কাৰণেই দিখৌপৰীয়াৰ ভাগ্য নির্ধাৰণ হয় মূলতঃ উৎস অঞ্চলত। শিৱসাগৰত বৰষুণ নোহোৱাকৈও যদি নগালেণ্ডৰ পাহাৰত একেৰাহে প্ৰবল বৰষুণ হয়, তেন্তে কেইঘণ্টামানৰ ভিতৰতে দিখৌৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাব পাৰে। পাহাৰীয়া নদীৰ এয়াই স্বাভাৱিক বৈশিষ্ট্য।