বিধানসভাত বিশেষ আলোচনা: বিৰোধীৰ অভিযোগ, দুর্যোগ ৰোধত ব্যর্থ দুর্যোগ প্রশমন বিভাগ

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : অসম বিধানসভাৰ শূন্য ঘণ্টাত কালি উজনি অসমত হোৱা জলপ্রলয়ক লৈ আলোচনা অনুষ্ঠিত হয়। কংগ্রেছ, এ আই ইউ ডি এফ, তৃণমূল কংগ্ৰেছৰ বিধায়কসকলে বান বিভীষিকাৰ কথা উল্লেখ কৰি চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাছত মন্ত্ৰী পীযূষ হাজৰিকাই এই বানক 'ভগৱানৰ লীলা' বুলি অভিহিত কৰে। 

উল্লেখযোগ্য যে কালি এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমানে ইমান ডাঙৰ বান আগতে আমি দেখা নাছিলোঁ বুলি জনাই সদনত কয় যে দুর্যোগ প্রশমন বিভাগ ব্যর্থ হৈছে। তেওঁলোকে আগতীয়াকৈ কোনো সতর্কতা জাৰি কৰিব পৰা নাই আনকি উদ্ধাৰ কাৰ্যও সময়ত কৰিব পৰা নাই। ঘৰৰ টিঙত উঠি থকা লোকসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ হাতত নাৱেই নাছিল। অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই তেওঁ লগতে কয় যে ভৱিষ্যতৰ বাবে চৰকাৰ এই ক্ষেত্ৰত সজাগ হোৱা উচিত। আনহাতে তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে কয় যে উজনিত এইবাৰ ছুনামী সদৃশ পৰিস্থিতিয়ে দেখা দিলে। ন দিন পাৰ হৈ গ'ল, এতিয়াও সকলো মানুহকে চৰকাৰে সহায় কৰিব পৰা নাই। মানুহৰ ঘৰৰ ভিতৰত দুই-তিনি ফুটকৈ পলস পৰিছে। 

আনহাতে ৰাজ্যিক দুর্যোগ প্রশমন ব্যৱস্থাপনাৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা প্রদান কৰা হয় যদিও তেওঁলোকে কাম কৰিব পৰা নাই। বিধায়কগৰাকীয়ে এই ধনবোৰ ক'ত ব্যয় হয় তাৰ এক তদন্তৰো দাবী জনায়। তেওঁৰ মতে অসমৰ বাবে কেন্দ্ৰই দহ হাজাৰ কোটি টকা ইতিমধ্যে ঘোষণা কৰিব লাগিছিল, কিন্তু আশ্চর্যজনক কথা যে কেন্দ্ৰীয় নেতাসকলৰ মাত এষাৰ দিবলৈ অসমলৈ আহিবলৈকে সময় হোৱা নাই। বিষয়টোক লৈ ৰাজনীতি নকৰি বিধানসভাৰ এটা দল বানাপীড়িত অঞ্চললৈ যোৱাৰো তেওঁ পোষকতা কৰে। ইফালে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে এইবাৰ উজনি অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এতিয়াও ৰাইজে সহায়ৰ বাবে ৰৈ আছে। ক্ষতিগ্রস্ত পৰিয়ালবোৰে যাতে এটা ঘৰ নিৰ্মাণ কৰিব পাৰে, ঘৰৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে বিশেষ পুঁজি দিব লাগে বুলি জনাই তেওঁ লগতে কয় যে আজিলৈকে প্ৰধানমন্ত্ৰী দূৰৈৰ কথা, আন এজন মন্ত্রীও অসমলৈ অহা নাই। বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই তেওঁ বানৰ পাছত যাতে সামগ্ৰীৰ দাম বৃদ্ধি নহয় সেই কথা লক্ষ্য কৰিবলৈকো চৰকাৰক আহ্বান জনায়। ইফালে বিৰোধী বিধায়কসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ সদনত বিভাগীয় মন্ত্রী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই দিয়ে। তেও কয়, 'এইবাৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত হোৱা বানপানী অপ্রত্যাশিত আৰু অপ্রাকৃতিক। কিন্তু এইবছৰ এই তিনিখন জিলাক বাদ দি আন ঠাইত বানপানী হোৱা নাই। যিবোৰ ঠাইত প্রাকৃতিকভাৱে বানপানী হয়, সেইবোৰ ঠাইত হোৱা নাই। আগতকৈ বহুত কম হৈছে। আনহাতে চৰকাৰে মথাউৰি বনোৱাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয়- অসমত ১৩০ কিল'মিটাৰ মথাউৰিৰ কাম বাকী আছে। ইতিমধ্যে আমি প্রাকৃতিকভাৱে হোৱা বানপানী ৮০ শতাংশ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছোঁ। মন্ত্ৰীগৰাকীৰ মতে 'উজনিৰ তিনিখন জিলাত কেতিয়াও নেদেখা বানপানী এইবাৰ দেখিছোঁ। ভয়াৱহ বানপানী হৈছে। নাজিৰাত ৫০ হাজাৰৰো অধিক লোকৰ ঘৰত পানী সোমাইছে। শিৱসাগৰত ৪০ হাজাৰৰো অধিক লোকৰ ঘৰত আৰু ডিমৌত ২০-২৫ হাজাৰ মানুহৰ ঘৰত পানী সোমাইছে।' প্রকৃতিৰ লগত আমি সকলো সময়ত যুঁজিব নোৱাৰোঁ বুলি জনাই এয়া ভগৱানৰ লীলা বুলিও কয় মন্ত্ৰীগৰাকীয়ে। 

ইফালে বানৰ সৈতে যুঁজিবৰ বাবে চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকাৰ কথা জনাই তেওঁ লগতে কয় যে সকলো বিধায়কে দিনে-নিশাই কাম কৰি আছে। বিপদৰ পৰা উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব। কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আহিছে। নিশ্চয়কৈ যিমান সুবিধা দিব লাগে সেইখিনি দিব আমাৰ চৰকাৰে। আমি সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰিম বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে মন্ত্রী পীযূষ হাজৰিকাই বিজেপিয়ে প্রায় এক লাখ সত্তৰ হাজাৰ মেখেলা-চাদৰ, এক লাখ সত্তৰ হাজাৰ টি-ছাৰ্ট আৰু ডেৰ লাখ আঁঠুৱা বিতৰণ কৰিব বুলি জনাই কয় যে মুখ্যমন্ত্ৰীয়ে আমাৰ দলীয় কাৰ্যকৰ্তাৰ পৰা ১২ কোটি টকা তুলি বান সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এইটো পৰিমাণ ১৫-১৬ কোটি টকা হ'বগৈ। আজি বিয়লি ৪ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীসমূহ ৰাওনা হ'ব। ইফালে এই বিষয়ত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কালি সদনত কয় যে, ১৯৫০ চনত অসমত দুর্যোগ হৈছিল, ভূমিকম্পৰ যি দুর্যোগ হৈছিল তাৰ পিছতো অসম থিয় হৈছে। বলবলা, কুৰিষ্ণু বান্ধকে আদি কৰি বিভিন্ন দুর্যোগত ৰাজ্যখনৰ বিভিন্ন প্রান্ত আক্রান্ত হোৱাৰ পিছতো অসমে থিয় হৈছে। আমি সকলো আশাবাদী। চৰকাৰে যিমানখিনি কাম কৰিব লাগে কৰি আছে। অসম পুনৰ থিয় হ'ব। চৰাইদেউ, শিৱসাগৰ পুনৰ থিয় হ'ব। আমি দেখিছিলোঁ ডিমা হাছাও বেয়াকৈ বিধ্বস্ত হৈছিল। আজি পুনৰ থিয় হৈছে। চৰকাৰ এখন যিহেতু আছে। চৰাইদেউ, শিৱসাগৰ পুনৰ থিয় হ'ব। আমি আশাবাদী। 

আনহাতে কালিৰ এই আলোচনাত কংগ্রেছ, তৃণমূল কংগ্রেছ, এ আই ইউ ডি এফ দলক অংশ গ্রহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়, 'বাজেট কৰ্তনৰ প্ৰস্তাৱৰ সময়ত আপোনালোকে সভা স্থগিত প্ৰস্তাৱ আনিছিল। কর্তন প্ৰস্তাৱৰ সময়ত যদি মই সভা স্থগিত প্ৰস্তাৱৰ অনুমতি দিলোহেঁতেন, বাজেট পাৰিত নহ'লহেঁতেন আৰু যদি বাজেট পাৰিত নহ'লে আমি ৰাইজক সকাহ দিব নোৱাৰিলোঁহেঁতেন। মূল কাম সেইটো থকাৰ বাবে মই আপোনালোকক বেলেগ শিতানত এই বিষয়টো অনাৰ কথা কৈছিলোঁ যাতে বিষয়টো আলোচনা কৰিব পৰা যায়। আজি আমি ভাল পাইছোঁ তিনিওটা দলে আজি শূন্যকালীন ঘণ্টাত এই বিষয়টো আনি আপোনালোকৰ যি সদিচ্ছা আছিল, বিষয়টো উত্থাপন কৰিলে। মোৰো ইচ্ছা আছিল এই বিষয়টো বেলেগ শিতানত আলোচনা কৰাৰ। ইফালে বানক লৈ অসম বিধানসভাই উদ্বেগ প্রকাশ কৰিছোঁ বুলিও কয় অধ্যক্ষ দাসে।

Share This