ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ মাজৰ চেলাপাচ অঞ্চলত জিউম মেক্ৰ'চেপালাম নামৰ এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদৰ সন্ধান পোৱা গৈছে। উদ্ভিদ জৰীপ বিভাগৰ গৱেষকৰ দল এটাই সন্ধান পোৱা এই উদ্ভিদবিধ ১৯০৫ চনত শেষবাৰৰ বাবে ছিকিমত সন্ধান পোৱা গৈছিল। ইয়াৰ ১২০ বছৰ পাছত অৰুণাচল প্ৰদেশত ইয়াৰ সন্ধান পাই গৱেষকৰ দলটোৰ লগতে উদ্ভিদ বিজ্ঞানীসকল উৎফুল্লিত হৈ পৰিছে। সততে পূব হিমালয় অঞ্চলত উপলব্ধ লেহুকা প্ৰজাতিৰ এই উদ্ভিদবিধ প্রায় ৪২০০ মিটাৰ উচ্চতাৰ চেলাপাচৰ আলপাইন ঘাঁহনি অঞ্চলত এক বিস্তৃত উদ্ভিদ বিজ্ঞান জৰীপৰ সময়ত পোৱা বুলি গৱেষকৰ দলটোৱে জানিবলৈ দিছে।
তেওঁলোকে জনোৱা মতে, পশ্চিম অৰুণাচলৰ আলপাইন লেণ্ডস্কেপত জলবায়ু পৰিৱৰ্তনৰ ফুলৰ বৈচিত্র্য আৰু ভেছকুলাৰ উদ্ভিদৰ প্ৰব্ৰজনৰ ওপৰত প্ৰভাৱৰ মূল্যায়ন কৰা প্ৰকল্পৰ অধীনত কৰা ক্ষেত্ৰ অধ্যয়নৰ সময়ত এই প্ৰজাতিটো পুনৰবাৰ আৱিষ্কাৰ কৰা হৈছিল। উদ্ভিদ বিজ্ঞানী শুভজিৎ লাহিৰী, মনালিছা দাস আৰু শুধাংসু শেখৰ দাসক লৈ গঠিত এই গৱেষকৰ দলটোৱে টাৱাং আৰু পশ্চিম কামেং জিলাৰ মাজৰ ছেলা অঞ্চলত এই প্রজাতিটোৰ সন্ধান লাভ কৰি ইয়াৰ তথ্যসমূহ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আলোচনী ফাইটোটেক্সাত নথিভুক্ত কৰাৰ কথা অৱগত কৰিছে। গোলাপ পৰিয়ালৰ সদস্য জিউম মেক্ৰ'চেপালামৰ বৈশিষ্ট্য হৈছে ইয়াৰ ফুলবোৰ ৰঙা ৰঙৰ সৈতে শেতা হালধীয়াৰ পৰা হাতীদাঁত বুলীয়া হোৱাৰ লগতে কঠিন পৰিৱেশৰ লগত খাপ খোৱা আৰু তললৈ হাউলি যোৱা এবিধ ফুল। গৱেষকসকলে সাধাৰণতে অন্বেষণৰ আওতালৈ নহা হিমালয়ৰ ভূ-প্রকৃতিৰ আলপাইন ঘাঁহনি আৰু জলাশয়যুক্ত ভূখণ্ডত এই প্রজাতিটো গজি উঠা দেখা পাইছে। আন্তর্জাতিক প্রকৃতি সংৰক্ষণ সংঘৰ (IUCN) মূল্যায়ন পৰিমাপ ব্যৱহাৰ কৰি গৱেষকসকলে ভাৰতত প্ৰজাতিটোক 'লেহুকা' বুলি শ্রেণীভুক্ত কৰিছিল। এই অধ্যয়নৰ সৈতে জড়িত বিজ্ঞানীসকলে এইবিধ উদ্ভিদৰ পুনৰ আৱিষ্কাৰে বিশ্বব্যাপী স্বীকৃতিপ্রাপ্ত পূব হিমালয়ৰ জৈৱ-বৈচিত্র্যৰ হটস্পটৰ অংশ অৰুণাচলত ফুলৰ গৱেষণা আৰু দীৰ্ঘম্যাদী সংৰক্ষণৰ প্ৰয়োজনীয়তাক পুনৰবাৰ অৱলোকন কৰে। এই অঞ্চলত অসংখ্য স্থানীয় আৰু বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ আশ্ৰয়ৰ বাবে জনাজাত, যিবোৰ দুৰ্গম স্থানত হোৱাৰ বাবে বৈজ্ঞানিক অন্বেষণ নোহোৱাৰ বাবে বাবে নথি-বিহীন হৈ আছে।
অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনে এই আৱিষ্কাৰক ৰাজ্যখনৰ বাবে এক সম্পদ আখ্যা দিছে। এক্সত দিয়া এটা প'ষ্টত মন্ত্ৰীগৰাকীয়ে পূব হিমালয় অঞ্চলৰ এটা হেৰাই যাব ধৰা সম্পদ পুনৰ আৱিষ্কাৰ কৰা হ'ল। প্ৰায় ১২০ বছৰ ধৰি ভাৰতত দেখা নোপোৱা বিৰল জিউম মেক্ৰ'চেপালাম অৰুণাচল প্রদেশত পুনৰ উদ্ধাৰ কৰা হৈছে, যিয়ে অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্র্য আৰু পৰিৱেশগত গুৰুত্ব বঢ়াই তুলিলে বুলি উল্লেখ কৰিছে। বিগত কেইবছৰমানৰ পৰা অৰুণাচল উদ্ভিদ বিজ্ঞানৰ আৱিষ্কাৰৰ এক প্রধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ দুর্গম পাহাৰীয়া অঞ্চলৰ পৰা অৰ্কিড, বেগনিয়া আৰু বনৌষধিকে ধৰি কেইবাটাও নতুন আৰু বিৰল উদ্ভিদ প্রজাতি চিনাক্ত কৰা হৈছে।