প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ

dainik janambhumi July 24, 2026

ডিজিটেল ডেস্ক : মহিলাৰ ৭৫ কিল'গ্রাম মিডলৱেইট শাখাৰ শীৰ্ষ বাছনিৰ খেলুৱৈ তাৰকা বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে প্রত্যক্ষভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। গ্লাছগো কমনৱেলথ গেমছৰ বক্সিং ইভেন্টৰ ৭৫ কেজি ওজন শাখাত কেৱল ৫গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে লাভলিনাই প্রথম ৰাউণ্ডত এটা 'বাই' লাভ কৰে। কমনৱেলথ গেমছৰ নিয়ম অনুসৰি ছেমি ফাইনেলত পৰাস্ত হোৱা উভয় খেলুৱৈকে ব্ৰঞ্জৰ পদক প্রদান কৰা হয়। 

ইয়াৰ ফলত, প্রতিযোগিতাত এখনো খেল নেখেলাকৈয়ে লাভলীনাই কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত নিশ্চিত কৰিছে। লাভলীনাৰ সফলতাই ভাৰতৰ বাবে এক ডাঙৰ সকাহ আনি দিছে। বার্মিংহাম কমনৱেলথ গেমছত ভাৰতে ৬১টা পদক লাভ কৰিছিল যদিও গ্লাছগোত খেলৰ ইভেন্টৰ সংখ্যা ১০টালৈ হ্রাস পোৱাৰ বাবে ভাৰতে এইবাৰ ৩০টা পদকৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিব নে নাই সেই লৈ সন্দেহ আছিল। 

লাভলীনাৰ এই প্ৰাৰম্ভিক পদক নিশ্চিতকৰণে দেশৰ পদক জয়ৰ আশা আৰু উৎসাহ দুয়োটাকে বহুগুণে বৃদ্ধি কৰিছে। লাভলীনাই অহা ৩১ জুলাইৰ ছেমি ফাইনেলত টুভালুৰ টি কে বি পি তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

Share This