ডিজিটেল ডেস্ক : ভাৰতৰ বজাৰত যোৱা ৫ মাহত দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীৰ দাম অস্বাভাৱিক ধৰণে বৃদ্ধি পাইছে। ইৰানৰে আমৰিকা-ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৩ আগষ্টৰ ভিতৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম দেশত আকাশলংঘী হৈছে। উপভোক্ত পৰিক্ৰমাৰ দাম নিৰীক্ষণ পদ্ধতিৰ বিভাগৰ মতে, এই সময়ছোৱাত ১৬টা মূল খাদ্য সামগ্ৰীৰ ১৫টাৰে দাম বৃদ্ধি হৈছে। দাইল আৰু খোৱা তেলৰ দাম অস্বাভাবিকভাবে বৃদ্ধি হৈছে। বুটৰ দাইলৰ দাম প্রতি কিঃগ্রামত ৪.৬৫ টকাকৈ, ৰহৰ দাইলৰ দাম ৫.৯৬ টকাকৈ, মাটি-মাহৰ দাম ৫.৭১ টকা, চেনিৰ দাম ২.২৫ টকা, মণ্ড দাইলৰ দাম ৪.৫৫ টকা, গাখীৰ দাম প্রতি লিটাৰত ৩ টকাকৈ আৰু সৰিয়হৰ তেলৰ দাম ৭.৫৬ টকাকৈ বৃদ্ধি পাইছে। ঠিক সেইদৰে, চাউলৰ দাম প্রতি কিল'গ্রামত ১.৫৭ টকাকৈ, নিমখৰ দাম ০.৮৫ পইচা আৰু আটাৰ দাম প্রতি কিল'গ্রামত ০.২৫ পইচাকৈ বৃদ্ধি পাইছে। আনহাতে, ইথানল প্রস্তুতৰ বাবে কুঁহিয়াৰৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে চেনিৰ দাম বৃদ্ধি পাইছে। খাদ্য বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে চলিত বৰ্ষত দুর্বল মৌচুমী আৰু অনিয়মিত বৃষ্টিপাতৰ বাবে দাইলৰ দাম বৃদ্ধি হৈছে।
বিগত বৰ্ষৰ তুলনাত খাৰিফ শস্যৰ বতৰত দাইলৰ উৎপাদান ১০ শতাংশ হ্রাস পাইছে। নিম্ন উৎপাদন আৰু আমদানিৰ ব্যয় বৃদ্ধি হোৱাই বজাৰত দাইলৰ দাম বৃদ্ধি পাইছে। ইফালে, আগষ্টৰ পৰা আৰম্ভহ'বলগীয়া ৰাখী বন্ধন, জন্মাষ্টমী, গণেশ চতুর্থী আব্ক দীপাৱলীৰ দৰে উৎসৱৰ বতৰত দাইল আৰু খোৱা তেলৰ দাম অধিক হোৱাৰ সম্ভাৱনা আছে। আহি থকা মাহবোৰত গোলকীয় দাম আৰু আমদানি ব্যয় হ্রাস নহ'লে খাদ্য-সামগ্ৰীৰ দামে জনসাধাৰণক অধিক জুৰুলা কৰাৰ সম্ভাৱনা আছে।
ইনফ'মেৰিকছ ৰেটিঙছ'ৰ মুখ্য অর্থনীতিবিদ ড° মনোৰঞ্জন শৰ্মাৰ মতে, দাইল আৰু খোৱা তেলৰ দাম আহি থকা দিনত অধিক বৃদ্ধি হ'ব। দুর্বল মৌচুমীৰ বাবে খাৰিফ শস্যৰ বতৰত দাইলৰ বীজ সময়মতে সিঁচিব নোৱাৰিলে আহি থকা দিনবোৰত দাইলৰ উৎপাদনত গুৰুতৰ প্ৰভাৱ পৰিব। একে সময়তে, ভাৰতে অধিকাংশ খোৱা তেল আমদানি কৰি গ্ৰাহকৰ চাহিদা পূৰণ কৰে। পশ্চিম এছিয়াত ভূ-ৰাজনৈতিক উত্তেজনা অব্যাহত থকাৰ সময়ত পাম আৰু ছয়াবিন তেলৰ আন্তঃৰাষ্ট্ৰীয় দাম বৃদ্ধি হৈয়ে আছে আৰু ভাৰততো ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিছে।