কেন্দ্ৰক স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে, সংশ্লিষ্ট দেশে নাগৰিকত্ব নিশ্চিত নকৰিলে বিতাৰণ কৰিব নোৱাৰিব বিদেশীক

dainik janambhumi August 02, 2026

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায় যে নাগৰিকত্ব অপ্রমাণিত (আনভেবিষ্ণুইড) এজন বিদেশী নাগৰিকক, উক্ত লোকজনৰ মাতৃভূমিয়ে তেওঁৰ নাগৰিকত্ব নিশ্চিত নকৰিলে তথা তেওঁক গ্ৰহণ কৰিবলৈ সন্মত নহ'লে বিতৰণ কৰিব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰে আৰু কয় যে নাগৰিকত্ব নিশ্চিতকৰণ (ভেৰিফিকেশ্যন) নোহোৱাকৈ আনকি বিতাৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব নোৱাৰি। 

নাগৰিকত্ব অজ্ঞাত, তথা বিদেশী বুলি ঘোষিত ৰাজুবালা দাস নামৰ অসমৰ এগৰাকীয়ে দাখিল কৰা নিষ্পত্তি নোহোৱা লেখ আৱেদনৰ সন্দৰ্ভত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্র্যালয়ে দাখিল কৰা শপতনামাত এইদৰে কোৱা হৈছে। 
উচ্চতম ন্যায়ালয়ে ২০২৫ চনৰ ২১ মার্চত দিয়া নির্দেশ পালন কৰি এই শপতনামা দাখিল কৰা হৈছে। 

কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে জনায় যে বৰ্তমান প্রচলিত বিতাৰণ পদ্ধতিৰ অধীনত এজন বিদেশী নাগৰিকক সাধাৰণতে সংশ্লিষ্ট ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন বা বিদেশী আঞ্চলিক পঞ্জীয়ন কার্যালয়ে বিতাৰণ কৰিব পাৰে, যদিহে উক্ত ব্যক্তিৰ বৈধ ভ্রমণ নথি বা পাছপ'ৰ্ট থাকে আৰু তেওঁৰ বিৰুদ্ধে কোনো ফৌজদাৰী গোচৰ নিষ্পত্তি নোহোৱাকৈ নাথাকে। কিন্তু, যদি বিদেশী নাগৰিকজনৰ কোনো বৈধ ভ্রমণ নথি নাথাকে, তেতিয়া নাগৰিকত্ব প্ৰমাণৰ পাছত সংশ্লিষ্ট দেশৰ দূতাৱাস বা উচ্চায়ুক্তৰ যোগেদি তেনে নথি পাব পাৰি। বিতাৰণ বিদেশী ৰাষ্ট্ৰৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈ কেন্দ্ৰীয় চৰকাৰে কয়, 'যাৰ নাগৰিকত্ব অজ্ঞাত/অপ্রমাণিত, তেনে বিদেশী নাগৰিকক তেওঁলোকৰ মাতৃভূমিলৈ তেতিয়াহে বিতাৰণ কৰিব পাৰি, যেতিয়া তেওঁলোকৰ নাগৰিকত্ব/বৈধ ভ্রমণ নথি থকাৰ কথা/সংশ্লিষ্ট দেশে স্বীকাৰ কৰাটো নিশ্চিত হয়। নাগৰিকত্ব নিশ্চিতকৰণ অবিহনে বিতাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰি।' 

কেন্দ্ৰীয় চৰকাৰে আৰু কয় যে নাগৰিকত্ব নিশ্চিত বা প্রমাণিত নোহোৱালৈ তথা বিতাৰণ সম্ভৱ নোহোৱালৈ, তেনে অবৈধ প্ৰব্ৰজনকাৰীৰ গতি-বিধি আইনীভাৱে নিয়ন্ত্ৰণ কৰিবই লাগিব। কেন্দ্ৰীয় চৰকাৰে যুক্তি দি কয় যে পলায়নত বাধা দিবলৈ, ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তথা পাছত স্বদেশলৈ প্রেৰণ সুচল কৰিবলৈ এয়া প্রয়োজনীয়। 

উল্লেখযোগ্য যে বিদেশী বুলি ঘোষিত ব্যক্তিসকলক বিতাৰণ কৰিবলৈ পদক্ষেপ গ্রহণ নকৰাৰ বাবে যোৱা বছৰ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক প্ৰশ্ন কৰিছিল। উল্লেখযোগ্য যে ২০১১ চনত অসমৰ মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী আইন, ১৯৪৬-ৰ অধীনত, বাংলাদেশী মূলৰ ভিত্তিত ৰাজেন্দ্ৰ দাসক বিদেশী ঘোষণা কৰিছিল। প্রায় এক দশকৰ পাছত ২০২০ চনত তেওঁৰ পত্নী ৰাজুবালা দাসে পতিৰ আটককৰণক লৈ উচ্চতম ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছিল।

Share This