মুক্ত কৰক দেশৰ সকলো পদপথ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Dainik Janambhumi August 04, 2026

ডিজিটেল ডেস্ক : পদযাত্ৰীৰ বাবে পথত উপযুক্তভাৱে চিহ্নিত কৰা আৰু বেদখলমুক্ত পদপথৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে। সমগ্ৰ দেশৰ পদপথত (ফুটপাথ) বর্ধিত বেদখল আৰু পদযাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কালি উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে পথত নিৰাপদে খোজকঢ়া আৰু নির্দিষ্টভাবে চিহ্নিত কৰা পদপথ ব্যৱহাৰ কৰাটো প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ চৰকাৰক কয় যে য'তেই পথ আছে তাতেই উপযুক্তভাবে চিহ্নিত কৰা আৰু বেদখলমুক্ত পদপথৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগে। আদালতে কয় যে ৰাজহুৱা পথ কেৱল মটৰ বাহনৰ বাবে নহয়, পদযাত্ৰীৰ অধিকাৰকো সমানে সুৰক্ষা দিয়া উচিত। 

আনহাতে পদপথ বেদখলমুক্ত হোৱাৰ লগতে পদযাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু স্থানীয় নিকায়সমূহক নির্দেশ দিয়ে। ন্যায়ালয়ে পৌৰ নিগম, পৌৰসভা, উন্নয়ন কর্তৃপক্ষসমূহ আৰু পঞ্চায়তসমূহক ফুটপাথ নিৰ্মাণ কৰিবলৈ আৰু ইয়াৰ ওপৰত যাতে কোনো ধৰণৰ বেদখল হ'ব নোৱাৰে সেইটো নিয়মীয়াভাবে চোৱাচিটা কৰাৰ দায়িত্ব দিয়ে। উচ্চতম ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে যদি কোনো নাগৰিকৰ খোজ কঢ়াৰ ক্ষেত্ৰত তেওঁৰ অধিকাৰ প্ৰভাৱিত হয় তেতিয়া সংশ্লিষ্ট চৰকাৰী এজেঞ্চিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে। আনহাতে পদযাত্ৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে এক ব্যাপক আইনী ভেটি প্ৰস্তুত কৰাৰ কথা বিবেচনা কৰিবলৈ চৰকাৰৰ লগতে সংশ্লিষ্ট মন্ত্রালয় আৰু আইন আয়োগক আহ্বান জনায়। 

ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক অৰাধেক লৈ গঠিত এখন বিচাৰপীঠে এই নির্দেশ দি কয় যে বৃহৎ ধনৰ বিনিয়োগ বা নির্মাণ নকৰাকৈয়ে পদযাত্ৰীৰ বাবে পথত স্পষ্ট সীমা চিহ্ন থকা স্থান নির্ধাৰণ কৰিব পাৰে। ইয়াক ৰছী বা আন কোনো বস্তুৰে চিহ্নিত কৰিব পাৰি। ইয়াৰ বাবে আদালতে দুসপ্তাহ সময় নির্ধাৰণ কৰি দিয়ে। এটা পথ দুৰ্ঘটনাৰ গোচৰৰ শুনানি লৈ আদালতে এই নির্দেশ দিয়ে।

Share This