কহিমা বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীয়ে পুনৰ আতংকিত কৰিছে দুর্যোগ-কবলিত জনতাক, নগালেণ্ডত প্রবল বৃষ্টিপাতৰ আশংকা

dainik janambhumi July 24, 2026

ডিজিটেল ডেস্ক : নগালেণ্ডৰ উখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্রকল্পৰ (নীপকো) ৰিজাৰ্ভাৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আজিও দৈয়াং আৰু ধনশিৰিৰ নৈপৰীয়া ৰাইজৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। 

উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি নগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাই আহিছে। ইয়াৰ সমান্তৰালকৈ দৈয়াং নদীত থকা নীপকো জলবিদ্যুৎ প্রকল্পৰ জলস্তৰো বুধবাৰৰে পৰা কম-বেছি পৰিমাণে বৃদ্ধি পাই আছে। বুধবাৰে পুৱা বিদ্যুৎ প্রকল্পৰ ৰিজাৰ্ভাৰটোৰ জলস্তৰ ই এল ৩১৯.৫০ মিটাৰ বৃদ্ধি পাইছিল। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰিছিল নীপক' কর্তৃপক্ষই। যাৰবাবে বুধবাৰে নীপকো কর্তৃপক্ষই গোলাঘাট জিলা প্রশাসনৰ লগত আলোচনা কৰি প্রয়োজন সাপেক্ষে ৰেডিয়েল গেটসমূহ পর্যায়ক্রমে খুলিবলৈ যো-জা কৰিছিল। 

নগালেণ্ডত অত্যধিক বৰষুণৰ ফলত কালি পুৱাৰে পৰা দৈয়াং জলবিদ্যুৎ প্রকল্পত জলন্তৰ পুনৰ বৃদ্ধি পাই বিয়লি ৫ বজালৈকে ৩২২.৩০ মিটাৰ হোৱাত নীপকোই মুঠ চাৰিখন ৰেডিয়েল গে'টৰ ভিতৰত তিনিখনেৰেই ০.৭৫ মিটাৰকৈ বর্ধিত পানী দৈয়াং নদীত এৰি দিছে। আনকি, বিদ্যুৎ প্রকল্পটোত এনেকৈয়ে জলস্তৰ বৃদ্ধি পাই থকিলে চাৰিখন গে'টেৰে নীপকোই কম-বেছি পৰিমাণে পানী এৰি দিয়াৰ আশংকা আছে বুলি জানিব পৰা গৈছে। 

আনহাতে, কালি কহিমা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বতৰৰ আগজাননী অনুসৰি আগন্তুক ৫ দিনত নগালেণ্ডত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ আশংকা কৰি অৰেঞ্জ আৰু ইয়েল্ল' এলার্ট জাৰি কৰিছে। যাৰফলত দৈয়াং জলবিদ্যুৎ প্রকল্পৰ নামনিত থকা দৈয়াং ধনশিৰিৰ নৈপৰীয়া ৰাইজ এতিয়া অধিক শংকিত হৈ পৰিছে। ইফালে, গোলাঘাট জিলাৰ ধনশিৰি আৰু দৈয়াং নৈৰ জলস্তৰ বৃদ্ধি পাই থকাৰ সময়তে নীপকোই এৰি দিয়া বর্ধিত পানীয়ে নৈ দুখনৰ বুকু ওফন্দাই পেলাইছে। অৱশ্যে, নীপকোৰ পানীয়ে যাতে জিলাখনৰ এই গাঁওসমূহক বিশেষ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জিলা প্রশাসনে তৎপৰতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্রশাসনে নৈপৰীয়া লোকসকলক শংকিত নহৈ সতর্ক হ'বলৈ আহ্বান জনাইছে। জিলা প্রশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈকো আহ্বান জনাইছে। লগতে এই সময়ছোৱাত নদীত সাঁতোৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে জিলা প্রশাসনে। ইয়াৰ বিপৰীতে বাঢ়নী পানীয়ে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্রশাসন সম্পূর্ণরূপে সাজু আছে আৰু জনসাধাৰণক আতংকিত নহৈ এই সময়ছোৱাত প্রশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। 

ইফালে, গোলাঘাট জিলাত কালিও ১৩৫ গাঁও বাঢ়নী পানীত প্লাৱিত হৈ আছে। বর্তমানেও জিলাখনৰ গোলাঘাট, বোকাখাত, দেৰগাঁও আৰু খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ২৯,৪৭৬ গৰাকী লোক ক্ষতিগ্রস্ত হৈছে। ইয়াৰ ভিতৰত গোলাঘাট ৰাজহ চক্রৰ অন্তর্গত ৪৫ খন গাঁও, খুমটাইৰ ২৪ খন গাঁও, বোকাখাতৰ ১৮ খন গাঁও, মৰঙীৰ ৮ খন গাঁও আৰু দেৰগাঁৱৰ মুঠ ৪০ খন গাঁও আজিও বাঢ়নী পানীত বুৰ গৈ আছে। তেনেক্ষেত্রত কালি দৈয়াং জলবিদ্যুৎ প্রকল্পৰ পানী দৈয়াং নদীত এৰি দিয়াৰ লগে লগে দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। 

গোলাঘাট জিলা দুর্যোগ প্রশমন বিভাগে জানিবলৈ দিয়া মতে, কালি বিয়লি দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ ৯৬.৯১ মিটাৰৰ পৰা মাত্র ০.৬৩ মিটাৰ তলতহে আছে। দৈয়াং নদীৰ জলপৃষ্ঠ এনেকৈ বৃদ্ধি পাই থাকিলে স্বাভাৱিকতেই ধনশিৰি নৈৰো জলস্তৰ বৃদ্ধি পাব। বাঢ়নী পানীয়ে জিলাখনত এক ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিব। যাৰবাবে জিলা প্রশাসন তথা জিলা দুর্যোগ প্রশমন বিভাগে ইতিমধ্যেই অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীৰ শিশুপানীত ৩০ জনীয়া এটা বৃহৎ এন ডি আৰ এফৰ দল সষ্টম কৰি ৰাখিছে। সৰুপথাৰতো এছ ডি আৰ এফ, ডি ডি আৰ এফৰ এটা দল, খুমটাইৰ বুটলিখোৱত এছ ডি আৰ এফৰ দল সষ্টম কৰি ৰাখি যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈ আছে। একেদৰে গোলাঘাটতো ৪টা এছ ডি আৰ এফৰ দল প্রতি মুহূৰ্তত সষ্টম কৰি ৰাখিছে দুর্যোগ প্রশমন বিভাগে। ইয়াৰ উপৰি এছ ডি আৰ এফৰ কেইবাটাও উদ্ধাৰকাৰী দল জিলাখনত সষ্টম কৰি ৰখা বুলি জানিব পৰা গৈছে।

Share This