ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু উত্তৰ-পূর্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কর্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি দি ৰোগীৰ সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰাৰ সময়তে ৰাজ্যিক কর্কট প্রতিষ্ঠানত ব্যাপক হাৰত বৃদ্ধি পাইছে ৰোগ পৰীক্ষাৰ মাচুল।
এই সন্দৰ্ভত ৰোগীৰ অভিযোগ অনুসৰি ইতিমধ্যে ২২ জুলাইৰ পৰা এই নতুন নিৰিখ প্রযোজ্য হোৱাৰ লগতে বিনামূলীয়া ঔষধৰ যোগানো বন্ধ কৰা হৈছে। আনহাতে, প্ৰতিখন বিছনাৰ বাবদ ২০০ টকাৰ পৰা ১৬০০ টকালৈ মাচুল বৃদ্ধি হোৱাৰ বিপৰীতে চাইট'লজিৰ মাচুল ৫০ টকাৰ পৰা ৬৩০ টকালৈ বৃদ্ধি কৰা হৈছে।
একেদৰে বায়'পছিৰ বাবদ এতিয়াৰে পৰা ৰোগীয়ে পূৰ্বৰ ১০০০ টকাৰ পৰিৱৰ্তে দিব লাগিব ২৭০০টকা। মাৰ্কাৰৰ ক্ষেত্ৰত ৯০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি পোৱাৰ লগতে তেজৰ পৰীক্ষাৰ ক্ষেত্রতো ৬০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে এইদৰে অভূতপূর্ব হাৰত মাচুল বৃদ্ধিয়ে ৰোগীৰ পৰিয়ালক সমস্যাত পেলাব বুলি ৰোগীৰ অভিভাৱকসকলে মন্তব্য কৰিছে।