ডিজিটেল ডেস্ক : যোৱা ১০ মাহৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') শতাধিক বিজ্ঞানীয়ে পদত্যাগ তথা স্বেচ্ছামূলক অৱসৰ (ভি আৰ এছ) গ্রহণ কৰাত উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰে 'ইছৰ'ৰ গগনযান বা অন্য গুৰুত্বপূৰ্ণ অভিযানত জড়িত বিজ্ঞানীসকলৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰিছে। ফলত পদত্যাগ বা স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত এতিয়া আগৰ দৰে সহজে অনুমোদন লাভ কৰিব পৰা নাযাব।
ভাৰত চৰকাৰৰ মহাকাশ বিভাগে ১৪ জুলাইত এই বিষয়ত নতুন নিৰ্দেশ জাৰি কৰে। এই নির্দেশত কোৱা হৈছে যে 'এ' গ্ৰুপৰ বিজ্ঞানীৰ পদত্যাগ বা ভি আৰ এছৰ আৱেদন নিয়মীয়া প্রক্রিয়াৰ অধীনত গ্ৰহণ কৰা নহ'ব। সংবাদ মাধ্যমৰ বাতৰি মতে, যোৱা ১০ মাহত শতাধিক বিজ্ঞানীয়ে ইছৰ'ৰ চাকৰি বাদ দিয়াৰ পাছত চৰকাৰে এই নির্দেশ দিয়ে। পদত্যাগৰ ভিতৰত আটাইতকৈ বেছি বিজ্ঞানীয়ে পদত্যাগ কৰিছে বেংগালুৰুৰ ইউ আৰ ৰাও উপগ্রহ কেন্দ্র (ইউ আৰ এছ চি) আৰু তিৰুৱনন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ (ভি এছ এছ চি) পৰা। বাতৰি মতে, প্রায় ৮০জন বৈজ্ঞানিক ইউ আৰ এছ চিৰ পৰা আঁতৰিল।
আনহাতে, ভি এছ এছ চিৰ পৰা পদত্যাগ কৰিলে, বা ভি আৰ এছ ল'লে ২০জনে। পদত্যাগ কৰাসকলৰ ভিতৰত জ্যেষ্ঠ বিজ্ঞানী ভিক্টৰ যোছেফো আছে। তেওঁ ভি এছ এছ চিত জিঅ'ছিংক্রনাছ ছেটেলাইট লন্স ভেহিকল এম কে-৩ (এল ভি এম-৩) প্রকল্পৰ প্ৰকল্প সঞ্চালক আছিল। বাতৰি মতে, তেওঁ এই ফেব্ৰুৱাৰীত পদত্যাগ কৰে। ইয়াৰ আগত প্রায় ১৩ মাহ তেওঁ এল ভি এম-৩ প্ৰকল্পৰ দায়িত্ব গ্রহণ কৰিছিল। এই লন্স ভেহিকল গগনযান অভিযানত ব্যৱহাৰ কৰা হ'ব। ইফালে চৰকাৰে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে পদত্যাগ আৰু ভি আৰ এছৰ ঘটনা বেছি হোৱা বাবে গগনযান আৰু আন গুৰুত্বপূৰ্ণ প্রকল্পত প্ৰভাৱ পৰিছে। সেয়ে চাকৰি ত্যাগ কৰিবলৈ কৰা আৱেদনত এতিয়াৰ পৰা চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে গ্ৰহণ কৰিব। ইউ আৰ এছ চি, ভি এছ এছ চি, সতীশ ধৱন মহাকাশ কেন্দ্ৰ (এছ ডি এছ চি), লিকুইড প্রপালছিয়ন ছিষ্টেম চেণ্টাৰ (এল পি এছ চি), স্পে'চ এপ্লিকেশ্যন চেন্টাৰ (এছ এ চি), নেশ্যনেল ৰিম'ট ছেনছিং চেণ্টাৰ (এন আৰ এছ চি), ইছৰ' টেলিমিট্রি, ট্রেকিং এণ্ড কমাণ্ড নে'টৱৰ্ক (ইছট্রাক) আৰু মাষ্টাৰ কন্ট্রল ফেচিলিটি (এম চি এফ) কে ধৰি কেইবাটাও কেন্দ্রলৈ এই নির্দেশ প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে ২০২০ চনত কৰা প্ৰশাসনিক পৰিৱৰ্তনত ইছৰ'ৰ কেন্দ্ৰবোৰৰ সঞ্চালক আৰু মুৰব্বীক পদত্যাগ আৰু ভি আৰ এছৰ অনুমতি দিবলৈ ক্ষমতা দিয়া হৈছিল।