দৈনিক জনমভূমিৰ আছুতীয়া অনুসন্ধান, দিখৌক কেৱল বানৰ সময়ত মনত পেলালেই হ'ব নেকি?

dainik janambhumi August 01, 2026

প্রতিবেদন- ৫


ডিজিটেল ডেস্ক : দিখৌৰ বিধ্বংসী বানে এইবাৰ শিৱসাগৰৰ বিস্তীর্ণ অঞ্চল প্লাৱিত কৰাৰ পাছত এতিয়া ৰাইজৰ মাজত আন এটা গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপিত হৈছে-বান আহিলে পৰিত্ৰাণ আৰু উদ্ধাৰৰ ওপৰত গুৰুত্ব দিয়াই যথেষ্ট, নে নদীখনক বছৰজুৰি বৈজ্ঞানিকভাৱে পৰিচালনা কৰাৰো প্ৰয়োজন আছে? বিশেষজ্ঞসকলৰ মতে, নদী এখন কেৱল বানৰ সময়ত নহয়, সমগ্ৰ বছৰজুৰি পৰ্যবেক্ষণ, সমীক্ষা আৰু বিজ্ঞানভিত্তিক ব্যৱস্থাপনাৰ জৰিয়তেহে দীৰ্ঘম্যাদী সমাধানৰ উত্তৰ বিচাৰি পোৱা সম্ভৱ। এই অনুসন্ধানমূলক প্রতিবেদনসমূহত ইতিমধ্যে দিখৌৰ উৎস অঞ্চলৰ বৰষুণ, বন ধ্বংস, কয়লা খনন, পলস সঞ্চয়, নদীপথৰ সংকোচন আৰু আগতীয়া সতৰ্কীকৰণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া প্রশ্ন হৈছে-এই সকলো তথ্যৰ ভিত্তিত নদীখনৰ বাবে কোনো সুসংহত আৰু বিজ্ঞানভিত্তিক ব্যৱস্থাপনাৰ পৰিকল্পনা গঢ়ি উঠিছেনে? 

নদীৰ স্বাস্থ্য নিয়মীয়াকৈ পৰীক্ষা কৰা হয়নে?: 
জলসম্পদ বিশেষজ্ঞসকলৰ মতে, নদী এখনৰো নিজস্ব স্বাস্থ্য থাকে। নদীৰ গভীৰতা, প্রস্থ, সোঁতৰ গতি, পলস সঞ্চয়, পাৰৰ স্থিতি আৰু নদী পথৰ পৰিৱৰ্তন নিয়মীয়াকৈ পৰ্যবেক্ষণ নকৰিলে বানৰ আশংকা ক্রমাৎ বৃদ্ধি পাব পাৰে। বিশ্বৰ বহু দেশত নদীৰ Cross-section Survey, Bathymetric Survey আৰু Sediment Monitor-ing নিয়মীয়াকৈ কৰা হয়। এনে তথ্যৰ সহায়ত নদীৰ কোন অংশ অগভীৰ হৈছে, ক'ত পলস অধিক জমা হৈছে, ক'ত খহনীয়াৰ সম্ভাৱনা বেছি, সেয়া আগতেই নিৰ্ণয় কৰা সম্ভৱ হয়। বিশেষজ্ঞসকলৰ মতে, দিখৌৰ ক্ষেত্ৰতো এনে বৈজ্ঞানিক সমীক্ষা নিয়মীয়াকৈ হ'লে নদীৰ আচৰণৰ পৰিৱৰ্তন বহু আগতেই ধৰা পেলাব পৰা গ'লহেঁতেন। 

পলস আঁতৰোৱাটো একমাত্র সমাধান নেকি?: 
বানৰ পাছত সাধাৰণতে নদী খনন বা পলস আঁতৰোৱাৰ দাবী জোৰদাৰ হয়। কিন্তু বিশেষজ্ঞসকলৰ মতে, বৈজ্ঞানিক সমীক্ষা অবিহনে কৰা ব্যাপক খননে বহু সময়ত নতুন সমস্যাৰো সৃষ্টি কৰিব পাৰে। নদীৰ প্ৰতিটো অংশৰ প্ৰকৃতি একে নহয়। ক'ত পলস আঁতৰাব লাগিব, ক'ত নদীৰ স্বাভাৱিক গতিপথ অক্ষুণ্ণ ৰাখিব লাগিব আৰু ক'ত পাৰ সংৰক্ষণ অধিক প্রয়োজন-এই সকলো সিদ্ধান্ত বৈজ্ঞানিক তথ্যৰ ভিত্তিত লোৱা উচিত। তেওঁলোকৰ মতে, নদীখনক কেৱল গভীৰ কৰাৰ উদ্দেশ্যে যিকোনো ঠাইত খনন কৰাতকৈ সম্পূর্ণ নদী অৱবাহিকাৰ পৰিকল্পনাৰ অংশ হিচাপেহে এনে কাম কৰা উচিত। 

মথাউৰি আৰু নদী-সামঞ্জস্য কিমান জৰুৰী?: 

দিখৌৰ বিভিন্ন স্থানত মথাউৰিয়ে জনবসতি সুৰক্ষা দিলেও বিশেষজ্ঞসকলে কয় যে মথাউৰি কেৱল এটা অংশবিশেষ সমাধান। যদি নদীৰ স্বাভাৱিক প্ৰৱাহ, বন্যাক্ষেত্ৰ আৰু নিষ্কাশন ব্যৱস্থা একেলগে বিবেচনা কৰা নহয়, তেন্তে বহু সময়ত বানৰ প্রকোপ আন অঞ্চললৈ স্থানান্তৰিত হ'ব পাৰে। সেয়েহে আধুনিক নদী ব্যৱস্থাপনাত কেৱল বান্ধ নির্মাণেই নহয়, নদীৰ স্বাভাৱিক বিস্তাৰ, জলধাৰণ ক্ষমতা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশতো সমানে গুৰুত্ব দিয়া হয়। 

সমন্বিত নদী অৱবাহিকা ব্যৱস্থাপনা কিয় প্রয়োজন?:

দিখৌ এখন আন্তঃৰাজ্যিক নদী। ইয়াৰ উৎস, উপ-নদী, বনাঞ্চল, পাহাৰ আৰু সমতল সকলো মিলিয়েই এখন সম্পূর্ণ নদী অৱবাহিকা গঠন হয়। ফলত কেৱল অসমৰ অংশত ব্যৱস্থা গ্রহণ কৰিলেই সমস্যাৰ সম্পূৰ্ণ সমাধান সম্ভৱ নহয়। বিশেষজ্ঞসকলৰ মতে, Integrated River Ba-sin Management (IRBM) বা সমন্বিত নদী অৱবাহিকা ব্যৱস্থাপনাৰ জৰিয়তে বন সংৰক্ষণ, ভূমি ব্যৱহাৰ, নদী পর্যবেক্ষণ, জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আৰু স্থানীয় উন্নয়নক একেটা পৰিকল্পনাৰ আওতালৈ আনিব পাৰি। এনে ব্যৱস্থাত কেৱল চৰকাৰী বিভাগেই নহয়, বন বিভাগ, ভূ-তাত্ত্বিক বিশেষজ্ঞ, জলসম্পদ বিভাগ, বতৰ বিজ্ঞানী, স্থানীয় প্রশাসন আৰু জনসাধাৰণেও সমানে অংশগ্রহণ কৰে। দীর্ঘম্যাদী পৰিকল্পনা অবিহনে সমাধান সম্ভৱ নেকি? বিশেষজ্ঞসকলৰ মতে, প্ৰতি বছৰে বানৰ পাছত কেৱল মেৰামতি, সাহায্য আৰু ক্ষতিপূৰণৰ মাজতে সীমাবদ্ধ থাকিলে সমস্যাৰ মূল কাৰণসমূহ অমীমাংসিত হৈয়ে থাকিব। নিয়মীয়া নদী সমীক্ষা, উৎস অঞ্চলত বন সংৰক্ষণ, আন্তঃৰাজ্যিক তথ্য আদান-প্রদান, বৈজ্ঞানিক পলস ব্যৱস্থাপনা, ভূমি ব্যৱহাৰৰ সঠিক নীতি আৰু নদীৰ পাৰ সংৰক্ষণ-এই সকলো দিশ একেলগে আগবঢ়ালেহে দীর্ঘম্যাদী ফল লাভ কৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে, নদীক কেৱল নিয়ন্ত্ৰণ কৰাৰ দৃষ্টিভংগীৰে নহয়, নদীৰ স্বাভাৱিক বৈশিষ্ট্য বুজি তাৰ লগত খাপ খুৱাই পৰিকল্পনা গ্রহণ কৰাটোৱেই আধুনিক নদী ব্যৱস্থাপনৰ মূল ধাৰণা। 

এতিয়া সিদ্ধান্ত লোৱাৰ সময়?: 

দিখৌৰ এইবাৰৰ বানে স্পষ্টকৈ দেখুৱাই দিলে যে নদীখনৰ সমস্যা কেৱল প্ৰচুৰ বৰষুণ বা এটা বানৰ ফল নহয়। ই বহু বছৰৰ পৰিৱেশগত, প্রশাসনিক আৰু পৰিকল্পনাগত প্ৰক্ৰিয়াৰ সৈতে জড়িত। বিশেষজ্ঞসকলৰ মতে, যদি এতিয়াও বিজ্ঞানভিত্তিক নদী ব্যৱস্থাপনা, সমন্বিত পৰিকল্পনা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ দিশত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতেৰ দিনবোৰত দিখৌৱে একেই ধৰণৰ দুৰ্যোগ কঢ়িয়াই অনাৰ আশংকা নুই কৰিব নোৱাৰি।

Share This