অসমৰ বন্যাৰ্তৰ প্ৰতি সমবেদনা ইজৰাইলৰ

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : হঠাৎ অহা বানে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতেই বন্যার্তৰ প্রতি সহমর্মিতা প্রকাশ কৰিছে ইজৰাইলে। এই দুখৰ সময়ছোৱাত ইজৰাইল অসমৰ সৈতে আছে বুলি প্রকাশ কৰিছে নতুন দিল্লীত থকা বিদেশী ৰাষ্ট্ৰখনৰ দূতাৱাসে। 

সামাজিক মাধ্যমযোগে ইজৰাইলৰ দূতাৱাসে কয়, 'অসমৰ ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্রস্ত হোৱা সকলো পৰিয়াল আৰু জনগোষ্ঠীৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ। এই জটিল সময়ত ইজৰাইলে অসম আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে একে শাৰীতে থিয় দিছে, আৰু প্ৰভাৱিত সকলোৰে নিৰাপত্তাৰ কামনা কৰিছে।' 

আনহাতে, ইজৰাইলৰ দূতাৱাসৰ এই বাৰ্তাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে ইজৰাইলক ধন্যবাদ জ্ঞাপন কৰি কয়, 'এই প্রত্যাহ্বানমূলক সময়ছোৱাত ইজৰাইলৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা জনাইছোঁ। বানপীড়িত সকলো অঞ্চলতে ২৪ ঘণ্টাই সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে ইজৰাইল আমাৰ কাষত থিয় দিয়া কার্যক অসম চৰকাৰৰ লগতে অসমৰ জনসাধাৰণে শলাগ লৈছে।'

Share This