ডিজিটেল ডেস্ক : ফুটবলৰ মহাসমৰ অন্ত পৰাৰ দিশে আৰু মাত্ৰ কেই ঘণ্টামানৰ পাছতে নির্ণয় হ'ব বিশ্ব ফুটবলৰ সম্রাট। সমগ্র বিশ্বক বিগত ৩৮ দিন ফুটবলৰ আৱেগ-ৰোমাঞ্চেৰে পুলকিত কৰি ৰখাৰ পাছত আজি আমেৰিকাৰ নিউয়কৰ মেটলাইফ ষ্টেডিয়ামত চূড়ান্ত যুঁজখন অনুষ্ঠিত হ'ব।
বিশ্বৰ দুই শক্তিশালী দল আর্জেন্টিনা আৰু স্পেইনে এই যুঁজখনত প্রতিদ্বন্দ্বিতা কৰিব। ফাইনেলৰ শেষ হুছেইল বজাৰ লগে লগে নির্ধাৰণ হ'ব বিশ্ব ফুটবল অহা চাৰি বছৰৰ বাবে কাৰ অধীনত থাকিব সেইটো। বিশ্বকাপৰ ১০২খন খেলৰ অন্তত আজি লায়নেল মেছিৰ আর্জেন্টিনাই বিশ্বকাপ পুনৰ নিজৰ হাতত ৰাখি ইতিহাসৰ তৃতীয়টো দল ৰূপে পৰিগণিত হয় নে তৰুণ চাঞ্চল্য লামিন য়ামালৰ স্পেইনে ২০১০ চনৰ চমকৰ পুনৰাবৃত্তি ঘটাই বিশ্বত আধিপত্য বিস্তাৰ কৰিব পাৰিব নে নোৱাৰে সেয়া নিশ্চিত হ'ব।
মন কৰিবলগীয়া যে এতিয়া সমগ্র বিশ্বতে সর্বাধিক চর্চিত হোৱা তাৰকাদ্বয় মেছি আৰু য়ামাল ইয়াৰ আগলৈকে পৰস্পৰৰ মুখামুখি হোৱা নাছিল। অৱশ্যে, মেছি আৰু য়ামাল ইয়াৰ আগতে এবাৰ লগালগি হৈছিল। য়ামাল যেতিয়া শিশু অৱস্থাত আছিল তেতিয়া এখন দাতব্য ফটোশ্বুটৰ সময়ত মেছিয়ে তেওঁক কোলাত লৈছিল। এই ফটোখন এতিয়া সমগ্র বিশ্বতে বহুলভাৱে প্রচাৰিত হোৱাৰ পাছত এতিয়া দুয়োজন খেলুরৈ ফাইনেলত প্রথমবাৰৰ বাবে পৰস্পৰৰ মুখামুখি হ'ব। এটা কথা ঠিক যে ফাইনেলত বিশ্বৰ দুটা সর্বশ্রেষ্ঠ দলে প্রতিদ্বন্দ্বিতা কৰিব। এইবাৰৰ বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰে পৰাই যিটো দল চেম্পিয়ন হোৱাটো প্রায় নিশ্চিত বুলি কোৱা হৈছিল সেই দলটোৱেই আছিল কিলিয়ান এমবাপেৰ ফ্রান্স, কিন্তু ছেমি ফাইনেলত স্পেইনে যিধৰণেৰে ফ্রান্সক একেবাৰে নিষ্প্রভ কৰি তুলিলে সেয়া দীর্ঘ দিনলৈ সকলোৰে মনত থাকিব। স্পেইনে এইবাৰৰ প্রতিযোগিতাত মাত্র এটাহে গ'ল খাইছে যিটো দলটোৰ বাবে এক অসাধাৰণ সফলতা। কিন্তু আর্জেন্টিনাই বিশ্বকাপত যিধৰণৰ খেল প্রদর্শন কৰিছে তালৈ চাই এটা কথা ক'ব পাৰি যে দলটো এক নিশ্চিত লক্ষ্য লৈ এইবাৰৰ অভিযানত নামিছে। দলটোৱে সমগ্র প্রতিযোগিতাখনত চেম্পিয়নৰ দৰেই খেলি গৈছে। দলটোৱে অতি কঠিন পৰিস্থিতিৰ পৰাও খেলৰ চকৰি নিজৰ পক্ষে ঘূৰাই আনিবলৈ সক্ষম হৈছে। বাৰম্বাৰ দলটোৱে এনেধৰণৰ আশ্চৰ্যকৰ খেল প্ৰদৰ্শন কৰি আহিছে। এতিয়া একেবাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ দুৱাৰডলিত উপস্থিত হৈছে। এইবাৰ বিশ্বকাপত স্পেইনৰ বাবে আটাইতকৈ স্মৰণীয় খেলখন আছিল ফ্রান্সৰ বিৰুদ্ধে ছেমি ফাইনেল মেচখন। এই মেচখনত স্পেইনৰ এনেধৰণৰ খেলৰ কৌশল, ধৈর্য, ছন্দ, তথা বুজাপৰা দেখা পোৱা গৈছিল যে কেইবাবাৰো এনেকুৱা লাগিছিল যেন খেলপথাৰত ফুটবল নহয়, কোনো জীৱন্ত আৰু বিশুদ্ধ শাস্ত্রীয় সংগীতহে পৰিৱেশন কৰা হৈছে। এই মেচখনৰ আগলৈকে এইবাৰৰ বিশ্বকাপত স্পেইনৰ নাম কমেইহে চর্চিত হৈছিল।
আনহাতে, আর্জেন্টিনাই এক শক্তিৱন্ত আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ আছে। দলটোৰ খেলুৱৈসকলৰ বিশ্বকাপত মানসিক শক্তি তথা উদ্দীপনা শলাগিবলগীয়া। ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলখনত যিধৰণৰ খেল দেখা পোৱা গৈছিল তাৰ পৰা এটা কথাই ক'ব পাৰি যে খেলখনত বলক লৈ যুঁজ হোৱাৰ লগতে দুয়োটা দলে নিজৰ শাৰীৰিক শক্তিও যেন প্রদর্শন কৰিবলৈ লৈছিল। কেইবাবাৰো এনেধৰণৰ 'টেকল' দেখা পোৱা গৈছিল যেন কেৱল বল নিজৰ আয়ত্তলৈ অনাটোরেই প্রধান উদ্দেশ্য নহয়, প্রতিদ্বন্দ্বীৰ ওপৰত মানসিক আৰু শাৰীৰিক চাপ প্রয়োগ কৰাৰ চেষ্টাও চলোৱা হৈছে। স্পেইনৰ খেলক শাস্ত্রীয় সংগীতৰ সৈতে তুলনা কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে মেচখনত আর্জেন্টিনাৰ খেলক ৰক সংগীতৰ সৈতে তুলনা কৰিব পাৰি। ৰক সংগীতৰ দৰেই ইয়াৰ আছিল শক্তি, হুলস্থুল আৰু দৰ্শকৰ ৰোমাঞ্চক আন এখন পৃথিৱীলৈ লৈ যোৱাৰ ক্ষমতা। ইয়াৰ মূল চালিকা শক্তি আছিল মেছি। তেওঁৰ উপস্থিতি সমগ্ৰ দলটোৰ আত্মবিশ্বসৰ মূল ভেটি। যেতিয়াই আর্জেন্টিনা সংকটত পৰিছে তেতিয়াই মেছিয়ে অদম্য খেল প্রদর্শন কৰি খেলৰ গতি, দিশ তথা পৰিৱেশ সলনি কৰাৰ বাবে উঠিপৰি লাগিছে আৰু দলক সফলো কৰিছে। মেছিয়ে বিশেষকৈ ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল মেচখনত এই কথা প্রমাণ কৰি দেখুৱালে যে তেওঁ যেতিয়া খেলপথাৰত থাকিব তেতিয়া শেষ মুহূর্ততো খেলৰ দিশ সলিন কৰিব পাৰে আর্জেন্টিনাই। ছেমি ফাইনেল মেচখনত ইংলেণ্ডে অত্যধিক প্রতিক্ষাত্মক খেল খেলাৰ লগতে মেছিক কোনো ধৰণৰ সুযোগ নিদিয়াৰ কৌশল লৈছিল। তেনে অৱস্থাত মেছিয়েও নিজৰ কৌশল সলনি কৰি প্রত্যক্ষভাৱে আক্রমণ কৰাতকৈ গ'লৰ বাবে সুযোগ সৃষ্টি কৰা আৰু সহায় কৰাৰ ভূমিকাত অবতীর্ণ হয়। পিছপৰি থকাৰ পাছতো প্রত্যাবর্তন কৰাৰ যি সাহস আর্জেন্টিনাই সমগ্র প্রতিযোগিতাখনত দেখুৱাই আহিছে সেয়াই হ'ল দলটোৰ আটাইতকৈ ডাঙৰ ইতিবাচক দিশ। খিতাপ নিজৰ হাতত ৰখাৰ বাবে আর্জেন্টিনাই আৰম্ভ কৰা অভিযানৰ নেতৃত্ব দিছে মেছিয়ে। তেওঁ এতিয়ালৈকে প্রতিযোগিতাত আঠটা গ'ল দিছে আৰু চাৰিটা গ'লত সহায় কৰিছে। এই দিশৰ পৰা গ'ল্ডেন বুট তেওঁ জয় কৰাটো প্রায় নিশ্চিত হৈ পৰা যেন দেখা পোৱা গৈছে। আর্জেন্টিনাৰ খেলুৱৈসকলে এতিয়া যেন মেছিৰ ঐতিহ্যক অধিক মহান কৰাৰ বাবে খেলি আছে তেনে দেখা পোৱা গৈছে। আজিৰ মেচখনত দুটা সম্পূর্ণ শৈলীৰ খেলৰ প্রতিদ্বন্দ্বিতা হ'ব। এই ফাইনেলে কেৱল ট্রফীৰ বিজেতাই নহয়, আধুনিক ফুটবলৰ এফালে সুন্দৰতা আৰু সংযমৰ শৈলী আৰু আনফালে ধৈর্য, মহান খেলুৱৈৰ চমকে নিৰ্ণায়ক ভূমিকা নিৰ্ণয় কৰাৰ ক্ষমতা, তথা প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে যিকোনো উপায়েৰে আধিপত্য বিস্তাৰৰ কৌশলৰ ভিতৰত কাৰ জয় হয় সেইটোও নির্ণয় হ'ব।
উল্লেখযোগ্য যে আর্জেন্টিনাই ইয়াৰ আগতে ১৯৭৮, ৮৬ আৰু ২০২২ চনত বিশ্বকাপ জয় কৰিছে। স্পেইনে প্রথমবাৰ বিশ্বকাপ জয় কৰিছিল ২০১০ চনত। স্পেইনৰ মিডফিল্ড নিয়ন্ত্ৰণ কৰে ৰড্ৰি, ফেবিয়ান ৰুইজে। ডেনী ওলমোৱে প্রায়ে আক্রমণ আৰু মিডফিল্ডৰ মাজত নিজৰ ভূমিকা পালন কৰে। মিকেল ওয়ার্জাবল এজন বহুমুখী ষ্ট্ৰাইকাৰ। কিন্তু ৰাইট উইঙত য়ামালে দলৰ আক্ৰমণৰ গতি দিয়ে। স্পেনিছ দলটোৰ আটাইতকৈ তাৰকা খেলুৱৈজন হ'ল য়ামাল। তেওঁ বল ড্রিবল কৰি চেণ্টাৰ পৰ্যন্ত পাবগৈ পাৰে। তেওঁৰ সুন্দৰ কৌশলে দলৰ খেলত সজীৱতা আনে। আনহাতে, মেছিৰ উপৰি আর্জেন্টিনাৰ এঞ্জো ফার্নাণ্ডেজ আৰু লটাৰো মার্টিনেজৰ খেলো চাবলগীয়া হ'ব। মেছিয়ে নিজে গ'ল দিব নোৱাৰিলেও তেওঁলোক দুয়োজনক সহায় কৰি দলক আগুৱাই নিব পাৰে।
আনহাতে, উত্তেজনাপূর্ণ মুহূর্তত এলেক্সিছ মেক এলিষ্টাৰে বল সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। জুলয়ান আলভাৰেজ আৰু মার্টিনেজে দলৰ হৈ গুৰুত্বপূর্ণ মেচত গ'ল দিয়াৰ ক্ষমতা আছে। কিন্তু দলটোৰ প্ৰধান সমস্যা ডিফেন্সত। দলটোৱে এতিয়ালৈকে সাতটা গ'ল খাইছে আৰু ইয়াৰে ছটা নকআউট পর্যায়ত ফুল বেকে প্রায়ে সুৰঙাৰ সৃষ্টি কৰে আৰু চেন্ট্রেল ডিফেন্সে প্রায়ে প্রতিপক্ষৰ তীব্র গতিত হোৱা আক্ৰমণৰ মুখামুখি হোৱাত ব্যর্থ হোৱা দেখা পোৱা গৈছে ।