লস্কৰৰ ভাবুকি, দিল্লীত হাই এলার্ট

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক : নতুন দিল্লীৰ লালকিল্লাত সন্ত্রাসবাদীৰ আক্রমণৰ আশংকাৰ কথা চোৰাংচোৱা সূত্রে জনাৰ পাছত দেশব ৰাজধানী মহানগৰখনত নিৰাপত্তা-সতর্কতা বৃদ্ধি কৰা হৈছে। সূত্ৰটোৰ মতে, সন্ত্রাসবাদীয়ে চান্দনী চক অঞ্চলৰ এটা মন্দিৰক লক্ষ্য কৰি লোৱাৰ আশংকা কৰা হৈছে। চোৰাংচোৱাই দিয়া খবৰ মতে, লালকিল্লাৰ চৌপাশৰ অঞ্চল আৰু চান্দনী চকৰ একাংশ অঞ্চলকে ধৰি প্রধান প্রধান ধর্মীয় স্থানসমূহ পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ (এল ইটি) আক্রমণৰ লক্ষ্য হৈ আছে। 

চোৰাংচোৱাই জনায় যে এল ই টিয়ে ইম্প্রভাইজড এক্সপ্ল 'ছিভ ডিভাইছেৰে (আই ই ডি) এনে আক্রমণ কৰাৰ ষড়যন্ত্র ৰচনা কৰিছে আৰু সন্ত্রসবাদী সংগঠনটোৰ আক্ৰমণৰ মূল লক্ষ্য হ'ব চান্দনী চকৰ এটা মন্দিৰ। সূত্ৰটোৱে আৰু কয় যে পাকিস্তানৰ ইছলামাবাদৰ এটা মছজিদত ৬ ফেব্ৰুৱাৰীত সংঘটিত এটা বোমা বিস্ফোৰণৰ 'পোটক' তুলিবলৈ বিচাৰিছে আৰু ভাৰতত এক বৃহৎ আক্রমণৰ প্রস্তুতি চলাই আছে। 

চোৰাংচোৱাৰ সূত্রটোৱে কয়, 'দিল্লীৰ লালকিল্লাৰ সমুখত বিস্ফোৰণৰ আশংকাৰ সতর্কতা জাৰি কৰা হৈছে। সন্ত্রাসবাদীয়ে চান্দনী চকৰ এটা মন্দিৰক লক্ষ্য কৰি ল'ব পাৰে। লস্কৰ-এ-তৈয়বাই এটা আই ই ডি আক্ৰমণৰ ষড়যন্ত্র বচনা কৰিছে। ইছলামাবাদৰ মছজিদত ৬ ফেব্ৰুৱাৰীত সংঘটিত বিস্ফোৰণৰ প্রতিশোধ ল'বলৈ সিহঁতে ভাৰতত এক বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে। দেশৰ প্ৰধান প্রধান মন্দিৰবোৰ লস্কৰ-এ-তৈয়বাই আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে।

Share This