ডিজিটেল ডেস্ক : সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত সোমবাৰে দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়। দুয়োখন সদনতে বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতে বিধেয়ক দুখন গৃহীত হয়। দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে লোক সভাত এখন বিধেয়ক গৃহীত কৰা হয়। উচ্চতম ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ দ'মৰ প্ৰতি লক্ষ্য ৰাখি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা নতুন বিধেয়কৰ জৰিয়তে ৩৪ৰ পৰা ৩৮জনলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। নিম্ন সদনত এই বিধেয়কখন ধ্বনি ভোটত গৃহীত হয়।
আনফালে, উচ্চ সদন ৰাজ্য সভাত সোমবাৰে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন (সংশোধনী) বিধেয়ক গৃহীত হয়। ইফালে একেদিনাই কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোক সভাত 'বেংকাৰ্ছ বুক্ এভিডেন্স বিধেয়ক-২০২৬' উত্থাপন কৰে। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী জেন-জিৰ সদস্যৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰি বিৰোধী দলে সোমবাৰে লোক সভা আৰু ৰাজ্য সভাত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।
আৰক্ষীৰ অত্যাচাৰ সন্দৰ্ভত অমিত শ্বাহৰ মৌনতাক সহজভাৱে লোৱা নাই বিৰোধীয়ে। বিৰোধীৰ তীব্র প্রতিবাদৰ ফলস্বৰূপে সোমবাৰে লোক সভা আৰু ৰাজ্য সভাৰ কাম-কাজ আধাতে স্থগিত ৰাখিবলগা হয়।