ডিজিটেল ডেস্ক : বিশ্বকাপৰ ছেমি ফাইনেলত মুখামুখি হ'ব আর্জেন্টিনা আৰু ইংলেণ্ড। ২৪ বছৰৰ পাছত ফুটবলৰ বিশ্ব মঞ্চত দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে খেলিব। সেই মেচখনৰ আগেয়ে মনস্তাত্ত্বিক যুঁজ আৰম্ভ কৰি দিছে ইংলেণ্ডে। এজনৰ পাছত আনজন প্রাক্তন ইংলিছ ফুটবলাৰে আর্জেন্টিনাক সতৰ্ক কৰি দিছে। মেচত নমাৰ আগেয়ে প্রতিপক্ষক চাপত ৰখাৰ কৌশল আৰম্ভ কৰিছে ইংলিছ বাহিনীয়ে। সেই তালিকাত নতুনকৈ সংযোজন হৈছে ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ জো ক'ল। তেওঁৰ মতে, ইংলেণ্ডে ছেমি ফাইনেলত লায়নেল মেছিক মাটিৰ লগত মিহলাই দিব। ইংলেণ্ডৰ প্রাক্তন ফুটবলাৰ ক'লে কয়, 'আগতীয়াকৈ জনাই দিছোঁ যে ইংলেণ্ডেই ফাইনেল খেলিব। আমাৰ খেলৰ যি গতি আছে তাৰ সৈতে আৰ্জেন্টিনাই ফেৰ মাৰিব নোৱাৰিব। তেওঁলোক পিছুৱাই থাকিব।'
আর্জেন্টিনালৈ সতর্কবাণী প্ৰেৰণ কৰিছে ইংলেণ্ডৰ প্ৰাক্তন বিশ্বকাপৰ খেলুৱৈ ৱেইন ৰুণীয়ে। তেওঁৰ ধাৰণা মতে, মেছি দলৰ বাবে দুর্বলতা হৈ উঠিব পাৰে। মেছিৰ বাবেই আর্জেন্টিনাৰ ৰক্ষণ বিভাগ সমস্যাত পৰিব পাৰে। কাৰণ মেছিয়ে পিছুৱাই খেলি ৰক্ষণ বিভাগক সহযোগিতা নকৰে। ৰুণীয়ে কয়, 'ৰক্ষণৰ ক্ষেত্ৰত আর্জেন্টিনা বিপদত পৰিব পাৰে। ৰক্ষণ বিভাগক সহায় কৰিবলৈ মেছিয়ে পিছুৱাই নেখেলে। বিশ্বকাপৰ ছেমি ফাইনেলত এজনে মাথোঁ আক্রমণ বিভাগত থাকিলেও নহ'ব। প্রয়োজন সাপেক্ষে তেওঁ পিছুৱাই খেলিব লাগিব। ইংলেণ্ডৰ জুডে বেলিংহাম অথবা হেৰী কেনে সেই কামটো কৰে। কিন্তু মেছিয়ে নকৰে। ইয়াৰ ফলত আর্জেন্টিনাৰ ৰক্ষণ বিভাগৰ খেলুৱৈৰ সংখ্যা হ্রাস পাব পাৰে। সেই অনুসৰি আর্জেন্টিনা পৰাজিত হ'ব পাৰে।' ইয়াৰ উপৰি, মেছিক লক্ষ্য ৰাখি নেখেলিলে ইংলেন্ডো বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
কণীয়ে কয়, 'মেছিয়ে সামান্য সুযোগৰ পৰা গ'ল দিয়াৰ দক্ষতা ৰাখিছে। ঠিক বেলিংহামেও এইবাৰ সেই কামটো কৰিছে। তেওঁ গুৰুত্বপূৰ্ণ সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে। মেছিক ৰুধিবলৈ ৰক্ষণ বিভাগৰ খেলুৱৈৰ মাজত মনোযোগ আৰু বুজাবুজি অতি গুৰুত্বপূর্ণ। নহ'লে তেওঁ ডিফেণ্ডাৰক মূর্খ সজাই খেলৰ দিশ সলনি কৰি দিব। ইংলেণ্ডে সেই বিষয়ত সতর্ক থাকিব লাগিব।'