নীপকোৱে খুলিলে ৩খনকৈ ৰেডিয়েল গে'ট

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : নগালেণ্ডৰ ঊষা জিলাত থকা দৈয়াং জলবিদ্যুৎ প্রকল্পৰ (নীপকো) ৰিজাৰ্ভাৰৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱাত কালি পুৱাৰে পৰা নীপকোৱে তিনিখন ৰেডিয়েল গে'ট খুলি বর্ধিত পানী দৈয়াং নদীত এৰি দিয়ে। জানিব পৰা মতে, কালি পুৱা ৮ বজাত ৰিজাৰ্ভাৰৰ জলস্তৰ বৃদ্ধি পাই ৩২২.৪০ মিটাৰ হোৱাত নীপকোৱে তিনিখন গে'টেৰে পানী এৰি দিছে। নীপকোৰ মুঠ চাৰিখন ৰেডিয়েল গে'টৰ ভিতৰত তিনিখনেৰে ক্ৰমে ০.৫০ মিটাৰ আৰু ১ মিটাৰকৈ প্ৰতি ছেকেণ্ডত ৯৬ হাজাৰ লিটাৰকৈ পানী দৈয়াঙত এৰি দিছিল।

অৱশ্যে সন্ধিয়া ৬ বজাত ৰিজাৰ্ভাৰৰ জলস্তৰ কিছু হ্রাস পোৱাত তিনিওখন গে'টেৰে প্ৰতি ছেকেণ্ডত ৫৫ হাজাৰ লিটাৰকৈ পানী এৰি আছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে কালি নগালেণ্ডৰ ঊষা জিলাত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে বাবে দৈয়াং জলবিদ্যুৎ প্রকল্পত জলস্তৰ নিয়ন্ত্ৰিত ৰূপত আছে। 

উল্লেখযোগ্য যে নগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৱা ২২ জুলাইত নীপকোৱে প্ৰথমবাৰৰ বাবে দুখন ৰেডিয়েল গে'ট খুলি দিছিল আৰু পৰৱৰ্তী সময়ত চাৰিওখন গে'টেই নিয়ন্ত্ৰিত ৰূপত খুলি দি প্রকল্পটোত জলস্তৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ২৭ জুলাইত জলস্তৰ বহু পৰিমাণে নিয়ন্ত্রিত হৈ থকাত নীপকোৱে চাৰিখন গে'টৰ তিনিখনেই বন্ধ কৰি দিছিল যদিও পুনৰ বিদ্যুৎ প্রকল্পটোত জলস্তৰ বৃদ্ধি পোৱাত কালি পুৱাৰে পৰা নীপকোৱে তিনিখন গে'ট খুলি দিবলগীয়া হয় বুলি জানিব পৰা গৈছে। 

ইফালেদি, নীপকোৰ পানী খুলি দিয়াৰ সমান্তৰালকৈ বৃদ্ধি হৈছে গোলাঘাট জিলাৰ মাজেদি বৈ যোৱা ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ। জিলা দুর্যোগ আৰু প্রশমন বিভাগৰ তথ্য অনুসৰি, কালি বিয়লি ৪ বজালৈকে ধনশিৰি আৰু দৈয়াং নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওচৰে- পাঁজৰে বৃদ্ধি পাই আছে। ধনশিৰি নৈ বিপদ সীমাৰ ০.১৩ মিটাৰ ওপৰেদি আৰু দৈয়াং নদী বিপদ সীমাৰ সমান্তৰালকৈ বৈ আছে। আনহাতে, ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ মাজেদি বৈ যোৱা গেলাবিল নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে। 

জানিব পৰা মতে, এই কেইদিনত গেলাবিল নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱা নাই যদিও ধনশিৰি নৈ ফেনে-ফোটোকাৰে বাঢ়ি থকাত গেলাবিল নৈৰ পানী ওলাই যাব পৰা নাই। যাৰ ফলত গোলাঘাট জিলাত সৃষ্টি হোৱা প্ৰথমটো বানত পৰা গেলাবিল নৈৰ কাষৰীয়া ৰাইজৰ ঘৰত আজিও বাঢ়নী পানী সোমাই আছে। এনে অৱস্থাত জিলাখনৰ ধনশিৰি দৈয়াং, গেলাবিল নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত স্বাভাৱিকতেই এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ আগন্তুক দিনত গোলাঘাট জিলা আৰু নগালেণ্ডৰ ঊষা জিলাত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে পুনৰ ধনশিৰি আৰু দৈয়াঙৰ জলপৃষ্ঠ বৃদ্ধি পাই বানপানী হোৱাৰ আশংকা কৰিছে জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজে। 

সমান্তৰালভাৱে জিলা দুর্যোগ প্রশমন বিভাগে সম্ভাব্য বানপানীৰ আশংকা কৰিয়েই অসম- নগালেণ্ড সীমান্তৰ মেৰাপানীৰ সীমান্ত পঞ্চায়ত, সৰুপথাৰ, মৰঙী, গোলাঘাট আদিকে ধৰি বিভিন্ন স্থানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ কেইবাটাও দল মজুত কৰি ৰখা বুলি জানিব পৰা গৈছে। ইফালে, জিলাখনত ইতিমধ্যেই সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। জিলাখনত আজিৰ দিনটোত মুঠ ৬৯খন গাঁও আৰু ২৪ হাজাৰ গৰাকী ব্যক্তি বানৰ কবলত পৰি আছে।

Share This