ভাৰতত বৃদ্ধি হৈছে মধ্যবিত্তৰ সংখ্যা, প্রতি ১০০জন লোকৰ ভিতৰত ৩২জন মধ্যবিত্ত শ্ৰেণীৰ

Dainik Janambhumi August 04, 2026

ডিজিটেল ডেস্ক : ভাৰতত মধ্য বিত্ত শ্ৰেণীৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ প্রকাশ পোৱা এখন প্রতিবেদনৰ পৰা এই তথ্য লাভ কৰা হৈছে। পীপলছ ৰিছাৰ্চ অন ইণ্ডিয়াজ কনজুমাৰ ইক'নমী বা চমুকৈ প্রাইচে প্রকাশ কৰা এই প্রতিবেদনত উল্লেখ কৰা মতে বৰ্তমান ভাৰতৰ প্ৰতি ১০০জন লোকৰ ভিতৰত ৩২জন লোক মধ্যবিত্ত শ্ৰেণীৰ। যদি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) উন্নয়নৰ হাৰ ৬-৭%ৰ ভিতৰত অব্যাহত থাকে তেতিয়া ২০৪৬-৪৭ চনলৈ দেশৰ মধ্যবিত্ত শ্ৰেণীৰ - লোকৰ হাৰ ৬০%লৈ বৃদ্ধি পাব। ভাৰতত ২০২০-২১ বর্ষত মধ্যবিত্ত শ্ৰেণীৰ লোকৰ সংখ্যা আছিল ৪৩.২ কোটি অর্থাৎ মুঠ জনসংখ্যাৰ ৩১%। ২০৩০-৩১ত এই হাৰ ৪৭%লৈ অৰ্থাৎ ৭১.৫ কোটিলৈ বৃদ্ধি পাব। ২০৪৬=৪৭বর্ষত দেশত মধ্যবিত্ত শ্ৰেণীৰ লোকৰ সংখ্যা ১০২ কোটিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

প্রতিবেদনখনত বার্ষিক ৫-৩০ লাখ টকালৈকে উপার্জন কৰা পৰিয়ালবোৰক মধ্যবিত্ত শ্ৰেণীত ধৰা হৈছে। প্রতিবেদনখনৰ মতে, - ভাৰতীয় অর্থনীতি 'ইনভার্টেড পিৰামিড'ৰ পৰা হীৰাৰ আকৃতিলৈ সলনি হৈছে। অর্থাৎ এতিয়া জনসংখ্যাৰ বৃহৎ অংশ দৰিদ্ৰ নহয়, মধ্যবিত্ত শ্রেণীহে। 

উল্লেখযোগ্য যে কোনো এখন দেশত মধ্যবিত্ত শ্ৰেণীৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অৰ্থনীতিৰ গাঁথনিও সলনি হৈ পৰে। ইয়াৰ ফলত ঘৰৰ - চাহিদা বৃদ্ধি পোৱাৰ লগতে যান-বাহন খণ্ডৰ প্ৰসাৰ ঘটে, ব্যক্তিগত স্বাস্থ্য আৰু শিক্ষাত কৰা ব্যয় বৃদ্ধি, ডিজিটেল সেৱা আৰু ই-কমাৰ্চৰ দৰে বজাৰৰ - আকাৰ বৃদ্ধি পায়। প্রতিবেদনখনৰ মতে, ২০৩০-৩১লৈ মধ্য বিত্ত আৰু - উচ্চ আয়ৰ শ্ৰেণীটোৱে মিলি প্রায় ২.৭ লাখ কোটি ডলাৰৰ অতিৰিক্ত - উপভোক্তা ব্যয়ৰ সৃষ্টি কৰিব পাৰে। আনহাতে আয় বৃদ্ধি হোৱা সত্ত্বেও মূল্য বৃদ্ধি, গৃহ ঋণ, শিক্ষা আৰু স্বাস্থ্যত হোৱা বর্ধিত ব্যয়ে মধ্যবিত্ত শ্ৰেণীৰ বাবে চাপৰো সৃষ্টি কৰিব পাৰে।

Share This