৫ বছৰত ১০০ কোটিৰ সম্পত্তি থকা লোকৰ সংখ্যা বাঢ়িল ৩০০%

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : ভাৰতত দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ধনাঢ্যৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। যোৱা পাঁচটা বছৰত দেশত ১০০ কোটি টকাৰ সম্পত্তি অৰ্জন কৰা লোকৰ সংখ্যা ৩০০ শতাংশ বৃদ্ধি পালে। 

সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰী পক্ষই এই তথ্য প্রকাশ কৰিছে। তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বর্ষত দেশত ১০০ কোটি বা ততোধিক সম্পত্তি থকা লোকৰ সংখ্যা ৫৭৬জনলৈ বৃদ্ধি পালে। লোক সভাত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধুৰীয়ে কয় যে দেশত বছৰি ধনাঢ্যৰ সংখ্যা বৃদ্ধি পাই আছে। 

১০০ কোটি বা তাতোধিক সম্পত্তি আহৰণ কৰা লোকৰ সংখ্যা ২০২১-২২ বৰ্ষত ১৪২জনৰ পৰা ২০২২-২৩ বর্ষত ৩০১ জনলৈ বৃদ্ধি পায়। কিন্তু ২০২৩-২৪ বর্ষত ই সামান্য হ্রাস পাই ২৮৪জন হয়। পুনৰ ২০২৪-২৫ বর্ষত বৃদ্ধি হৈ ৪১৫জন হয়গৈ আৰু ২০২৫-২৬ বর্ষত ৫৭৬জনৰ সীমা স্পৰ্শ কৰে।

Share This