'অপাৰেশ্যন সেন্দূৰ'ত সন্ত্রাসবাদীৰ হৈ যুঁজিছিল পাকিস্তানী সেনাই

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : 'অপাৰেশ্যন সেন্দূৰ'ৰ বাৰ্ষিকীৰ ঠিক পূর্বে পাকিস্তান-অধিকৃত কাশ্মীৰৰ (পি অ' কে) এজন বিশিষ্ট ৰাজনৈতিক নেতাই বিস্ফোৰক মন্তব্য মুকলিকৈ প্রকাশ কৰিছে। সন্ত্রাসবাদীৰ সৈতে থকা সম্পর্ক পাকিস্তানৰ চৰকাৰে বাৰে বাৰে অস্বীকাৰ কৰি অহাৰ সময়তে পাকিস্তানী ৰাজনীতিকজনে মুকলিকৈ নিশ্চিত কৰে যে পাকিস্তান আৰু পি অ' কেত থকা সন্ত্রাসবাদীৰ ঘাটিবোৰত ভাৰতীয় সামৰিক বাহিনীয়ে 'অপাৰেশ্যন সেন্দূৰ' চলোৱাৰ সময়ত সন্ত্রাসবাদীৰ হৈ পাকিস্তানী সেনাই যুঁজ দিছিল। হাফীজ ছয়ীদ আৰু মাছুদ আজহাৰৰ নেতৃত্বাধীন সন্ত্রাসবাদী সংগঠনৰে পাকিস্তানী চৰকাৰ-সেনাৰ মিতিৰালি থকাটো পুনৰ স্পষ্ট হ'ল। 

ৰাৱালপিণ্ডিত লস্কৰ-এ-তৈয়বাৰ দ্বাৰা অলপতে আয়োজিত এটা অনুষ্ঠানত পাকিস্তান নজৰিয়াটী পাৰ্টিৰ অধ্যক্ষ শ্বাহীৰ ছিয়ালভীয়ে ভাষণত কয় যে 'অপাৰেশ্যন সেন্দূৰ'ক প্রতিহত কৰিবলৈ সন্ত্রাসবাদীৰ হৈ পাকিস্তানী সেনাই যুঁজ দিছিল। তেওঁ এইটোও স্পষ্টকৈ কয় যে ভাৰতৰ সামৰিক অভিযানত নিহত হোৱা লস্কৰ আৰু জৈছৰ সন্ত্রাসবাদীবোৰক পাকিস্তানী সেনাই সামৰিক মৰ্যাদাৰে শেষকৃত্য কৰাৰ লগতে আনুষ্ঠানিক সন্মানো প্রদর্শন কৰিছিল। 

এই বিষয়ত ছিয়ালভীয়ে দিয়া ভাষণৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। আনহাতে, ভিডিঅ'টোত হাফীজ ছয়ীদৰ লস্কৰৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী মুজামিল হাছমীক ছিয়ালভীৰ সৈতে একেখন মঞ্চত দেখা গৈছিল।

Share This