ডিজিটেল ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব। ৰাম মন্দিৰৰ অৰিহণা চুৰি, ইথানল বিতর্ক, নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই এইবাৰ সংসদৰ অধিৱেশন উত্তাল কৰি তোলাৰ সম্ভাৱনা আছে।
অধিৱেশনৰ আগে আগে কালি চৰকাৰে আহ্বান কৰা এখন সর্বদলীয় বৈঠকত ইয়াৰ উমান পোৱা যায়। বৈঠকত চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত তীব্র বাদানুবাদ হোৱা দেখা পোৱা যায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত বিৰোধী পক্ষই এই কথা স্পষ্ট কৰি দিয়ে যে চৰকাৰে উত্থাপন কৰিবলৈ বিচৰা বিধেয়কসমূহৰ লগতে জনসাধাৰণৰ সৈতে জড়িত জ্বলন্ত বিষয়সমূহক লৈও সংসদত আলোচনা হ'ব লাগে।
বৈঠকৰ পাছত কংগ্ৰেছ আৰু সমাজবাদী পার্টিৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত লোক সভাত চৰকাৰৰ পৰা উত্তৰ বিচাৰিবলগীয়া বিষয়সমূহৰ তালিকা দাঙি ধৰে। বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত চৰকাৰে অগ্ৰাধিকাৰ বিষয়সমূহক লৈ প্রশ্ন উত্থাপন কৰে। তেওঁ কয় যে চৰকাৰে কেৱল বিধেয়ক উত্থাপনতহে গুৰুত্ব দিছে, কিন্তু দেশৰ সন্মুখত আন ভালেমান বিষয় আছে। তেওঁ অভিযোগ কৰি কয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ অৰিহণা চুৰিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহে। তেওঁ কয়, 'ই কোটি কোটি লোকৰ বিশ্বাসৰ সৈতে জড়িত বিষয়। এই বিষয়টোক লৈ চৰকাৰ কিমান স্পৰ্শকাতৰ সেইটো দেখুৱাব লাগে আৰু এই বিষয়টোক লৈ সদনত এক বিস্তৃত আলোচনা হ'ব লাগে। তেওঁ নীটৰ প্ৰশ্নকাকতৰ কথা উল্লেখ নকৰাকৈ সমগ্র দেশত ছাত্র-ছাত্ৰীসকলে কৰা আন্দোলনৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে দেসৰ যুৱ প্রজন্মই পথত আন্দোলন কৰি আছে, কিন্তু চৰকাৰৰ কোনো দায়িত্বশীল লোকেই এই বিষয়টোৰ নৈতিক দায়িত্ব মূৰ পাতি ল'বলৈ সাজু নহয়। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে ইথানল মিহলি পেট্রলৰ প্ৰসংগই হওক বা ছাত্ৰ-ছাত্ৰীৰ সমস্যাই হওক বা ৰাম মন্দিৰৰ বিষয়টোৱেই হওক অথবা মণিপুৰৰ গুৰুতৰ পৰিস্থিতি-যদি চৰকাৰে এই বিষয়বোৰৰ আলোচনাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে তেতিয়া গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব। সমাজবাদী পার্টিৰ নেতা ধর্মেন্দ্ৰ যাদৱে ৰাম মন্দিৰৰ অৰিহণা চুৰি আৰু যন্তৰ মন্তৰত চলি থকা ছাত্র আন্দোলনৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে নীট পৰীক্ষাত হোৱা অনিয়ম আৰু শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীত যোৱা ২১ দিনে অনশন কৰি থকা পৰিৱেশ কৰ্মী ছোনম ৱাংচুকৰ স্বাস্থ্য আৰু আন্দোলনক লৈ সংসদত আলোচনা হোৱা উচিত। চৰকাৰে এই দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিব নোৱাৰে। তেওঁ লগতে এইবুলিও অভিযোগ কৰে যে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে দেশত স্বেচ্ছাচাৰী শাসন আনিবলৈ বিচাৰিছে। বৈঠকত ৪০টা দলৰ ৫৮জন নেতাই অংশগ্ৰহণ কৰে।
ইফালে বৈঠকলৈ টি এম চিৰ বিসম্বাদী গোটৰ ২০জন সাংসদক নিমন্ত্রণ জনোৱাৰ প্ৰতিবাদত বিৰোধী পক্ষই প্রতীকী ৰূপত বৈঠকৰ পৰা কিছু সময়ৰ বাবে ওলাই যায়। পাছত অৱশ্যে তেওঁলোকে পুনৰ সভাত যোগ দিয়ে। ইফালে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে জনোৱা মতে, সংসদত এফ চি আৰ এ সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ন্যায়াধীশৰ সংখ্যাৰ সৈতে জড়িত বিধেয়ক, জন্ম-মৃত্যু পঞ্জীয়ন বিধেয়ক, বন্দে মাতৰমৰ সৈতে জড়িত বিধেয়কক লৈ চাৰি ঘণ্টাকৈ বিতর্ক হ'ব। আনহাতে, এম এছ এম ই বিধেয়কক লৈ পাঁচ ঘণ্টা বিতর্ক হ'ব। উল্লেখযোগ্য যে বর্ষাকালীন অধিৱেশনৰ ১৩ আগষ্টত অন্ত পৰিব।