আজিৰ সম্পাদকীয়, প্রশ্নকাকত ফাদিল প্ৰতিৰোধ

dainik janambhumi August 01, 2026

ডিজিটেল ডেস্ক : নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলক লৈ হোৱা ককৰ'চ জনতা পার্টিৰ (চি জে পি) আন্দোলনক প্রথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰাই নহয়, শাসক দলৰ সমৰ্থকসকলে আন্দোলনকাৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত নানা অপবাদ ৰটনা কৰিছিল, নানা অভিযোগ উত্থাপন কৰিছিল। আন্দোলনকাৰী নেতৃবৃন্দক কেতিয়াবা চীনৰ, কেতিয়াবা পাকিস্তানৰ এজেন্ট সজাবলৈ চেষ্টা কৰা হৈছিল। আন্দোলনটোত বিদেশী পুঁজি ব্যৱহাৰ হোৱা বুলিও কোৱা হৈছিল। কিন্তু দেশজুৰি, ছাত্র-ছাত্রীকে ধৰি বিভিন্ন দল-সংগঠন তথা নাগৰিক সমাজৰ মাজত চি জে পিয়ে উত্থাপন কৰা সমস্যাসমূহে গুৰুত্ব লাভ কৰিলে। 

আমেৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ডলৈকে বিয়পি পৰিল প্ৰতিবাদৰ ঢৌ আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱেও চি জে পিয়ে সমর্থন আৰু গুৰুত্ব লাভ কৰিলে। ইফালে, চৰকাৰৰ ফালৰ পৰাও সোনম ৱাংচুকৰ অনশন ভংগ কৰিবলৈ চেষ্টা কৰা হ'ল। প্ৰতিবাদৰ মূলথলী দিল্লীৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদকাৰীক দমনৰ চেষ্টা চলোৱা হ'ল। দিল্লীত হোৱা 'সংসদ চলো' সমদল-যাত্ৰাত আৰক্ষীয়ে লোৱা কঠোৰ দমন ব্যৱস্থাক দেশৰ বিভিন্ন বিৰোধী দলৰ উপৰি বিশিষ্ট নাগৰিকসকলে সমালোচনা কৰিলে। আনকি ৰাষ্ট্ৰসংঘয়ো ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ সপক্ষে পৰোক্ষভাৱে মন্তব্য প্রকাশ কৰিলে।

উল্লেখযোগ্য যে এই প্রতিবাদী কাৰ্যসূচী আৰম্ভ হৈছিল ২০ জুনত, আৰু পৰিৱেশ কৰ্মী তথা শিক্ষা সচেতক সোনম ৱাংচুক সহিতে ৬গৰাকী শিক্ষার্থীয়ে অনির্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল ২৮ জুনত। সোনম ৱাংচুকৰ স্বাস্থ্যৰ ক্ৰমে ক্রমে অৱনতি ঘটিছিল। তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। অৱশ্যে, উক্ত আৱেদন দাখিলৰ আগতেই কেন্দ্ৰীয় চৰকাৰে ৱাংচুকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছিল। কিন্তু, উচ্চতম ন্যায়ালয়ে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰ কিছু তৎপৰ হ'ল। ৱাংচুকৰ অনশন ভংগৰ বাবে আলোচনা আগবাঢ়িল, লগে লগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গুৰুত্ব বাঢ়িল চি জে পিৰ নেতৃত্বাধীন আন্দোলনটোৰ।

আন্দোলনটো সমাপ্তিৰ বাবে আলোচনা চলা চাৰি-পাঁচদিনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতী, ছাত্ৰী-ছাত্ৰীৰ বাবে একেৰাহে দুদিন মাজনিশা সামাজিক মাধ্যমৰ ভিডিঅ'যোগে, 'বন্ধু' বুলি সম্বোধন কৰি আন্তৰিক অন্তৰাল অন্তর্ধানৰ প্ৰচেষ্টা চলালে। যি কি নহওক, শেষ ভালেই সকলো ভাল। অৱশেষত চি জে পি আৰু সোনম বাংচুকৰ তাৎক্ষণিক তিনিটা দাবী মানি ল'লে চৰকাৰে, আৰু শিক্ষাৰ সংস্কাৰৰ বাবে চি জে পিৰ যি মূল দাবী সেইকেইটা ৰূপায়ণৰ বাবেও ঐকমত্য পোষণ কৰিলে। কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰে। দিল্লীৰ যন্তৰ মন্তৰৰ আন্দোলন অন্ত পৰাৰ পাছত প্রতিশ্রুতি দিয়াৰ দৰেই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সংসদতো বৃহস্পতিবাৰে 'ৰাজহুৱা পৰীক্ষা (অসৎ উপায় অৱলম্বন প্রতিৰোধ) বিধেয়ক, ২০২৬' গৃহীত হয়। উক্ত খবৰ, সংবাদ মাধ্যমৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও নিশা ১০ মান বজাত সামাজিক মাধ্যমত ভিডিঅ'যোগে তপতে তপতে বেকত কৰে।

এই বিধেয়কখন হৈছে পূৰ্বে থকা 'ৰাজহুৱা পৰীক্ষা (অসৎ উপায় অৱলম্বন প্ৰতিৰোধ) ২০২৪' আইনৰ সংশোধনী বিধেয়ক। এই নতুন বিধেয়কত শাস্তি আগৰখনতকৈ কঠোৰ কৰা হৈছে। ইয়াত পূৰ্বৰ ৩-৫ বছৰৰ কাৰাদণ্ডৰ পৰা ৫-১০ বছৰলৈ কাৰাদণ্ড বৃদ্ধি কৰা হৈছে। ব্যক্তিগত জৰিমনা সর্বোচ্চ ১০ লাখৰ পৰা ৫০ লাখলৈ তথা সেৱা যোগানকাৰীৰ জৰিমনা সর্বোচ্চ ১ কোটিৰ পৰা ৫ কোটিলৈ বৃদ্ধি কৰা হৈছে। ২০২৪ চনৰ আইনত তদন্তৰ বাবে আৰক্ষী আৰু কেন্দ্রীয় সংস্থাক দায়িত্ব দিয়া হৈছিল। নতুন সংশোধনীত এক দায়বদ্ধ বিশেষ কর্ম গোট (এছ টি এফ) গঠনৰ অনুমতি দিয়া হৈছে। নতুন আইনখনৰ আৰু এক উল্লেখনীয় ধাৰা হৈছে বিশেষ ফাষ্ট ট্রেক ক'ৰ্ট আৰু ন্যায় প্রাপ্তি ত্বৰান্বিত কৰিবলৈ সময় নির্ধাৰিত বিচাৰ ব্যৱস্থা।

নতুন আইনৰ কঠোৰ ধাৰাই অপৰাধ-উন্মুখ চক্ৰৰ মাজত নিশ্চিতভাৱে ভয় জগাব। কিন্তু এই আইনেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বা অনিয়ম ৰোধৰ পৰম অস্ত্র নিশ্চয় নহয়। ইয়াৰ বাবে দুটা কথালৈ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। প্রথমটো হৈছে, ২০২৪ চনৰ নীট-ইউ জি প্রশ্নকাকত ফাদিল ঘটনাৰ মূল অভিযুক্তৰ বিৰুদ্ধে কেন্দ্রীয় অনুসন্ধান সংস্থাই দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো সাক্ষ্য-প্রমাণ সংগ্ৰহ কৰিব নোৱাৰিলে। সেই কথা দুদিন আগতে উচ্চতম ন্যায়ালয়ৰ শুনানিত প্রকাশ পাইছে। দ্বিতীয় কথাটো চাওক, 'ৰাজহুৱা পৰীক্ষা (অসৎ উপায় অৱলম্বন প্ৰতিৰোধ) আইন ২০২৪ ' খনত সর্বোচ্চ ৫ বছৰ কাৰাদণ্ড আৰু সর্বোচ্চ ১০ লাখ টকা জৰিমনা থকাৰ পাছতো ২০২৬ চনত নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হ'ল।

আচলতে, এই অনিয়মবোৰৰ উৎস হৈছে গাঁথনিটো আৰু ব্যৱস্থাটো। এই গাঁথনি আৰু ব্যৱস্থা সলনি নকৰিলে এনে ঘটনা পুনৰ পুনৰ হৈ থকাৰ আশংকা নুই কৰিব নোৱাৰি। প্ৰশ্নকাকত ফাদিলৰ বাবে দোষীসকলৰ শাস্তি কঠোৰ কৰাটো প্রয়োজনীয়, কিন্তু তাতকৈ অধিক প্রয়োজন প্রশ্নকাকত ফাদিল হ'ব নোৱৰা তথা পৰীক্ষাত অনিয়ম হ'ব নোৱৰা এটা ব্যৱস্থা-গাঁথনি সৃষ্টিৰ।

Share This