ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পঞ্জাবৰ চণ্ডীগড়ত ৪,৭৩৬ কোটি টকাৰ কেইবাটাও উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। এইসমূহৰ ভিতৰত আছে পথ যোগাযোগ, স্বাস্থ্য, শিক্ষা খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন আদি। আধাৰশিলা স্থাপনৰ পাছতে পঞ্জাব অভিযান্ত্রিক মহাবিদ্যালয়ত এখন ৰাজহুৱা সভাত ভাগ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে চণ্ডীগড় হৈছে পৰিকল্পিত নগৰ উন্নয়নৰ এক প্রতিচ্ছবি আৰু এই মহানগৰখন সদায়ে এন ডি এ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ আছে।
মোদীয়ে আৰু কয় যে চণ্ডীগড় কেৱল এখন মহানগৰেই নহয়, ই হৈছে দেশৰ উন্নয়নৰ এক মডেল। হাৰিয়ানা-পঞ্জাব আৰু হিমাচল প্রদেশক সংযোগ কৰা চণ্ডীগড়ে অঞ্চলটোত এক কৌশলগত স্থিতি গ্রহণ কৰি আছে বুলিও তেওঁ কয়।
প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে দেশত স্বাস্থ্য সেৱা বিশেষ অধিকাৰ হৈ থকা নাই, ই এতিয়া প্রতিজন লোকৰ মৌলিক অধিকাৰত পৰিণত হৈছে।