ৰীণা সোণোৱাল দূৰদৰ্শনৰ নতুন সঞ্চালক প্রধান

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে জাননীযোগে এই কথা সদৰী কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতিয়ে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। 

সোণোৱালেই হৈছে এই পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া। 

ভাৰতীয় তথ্য সেৱাৰ ১৯৯৪ চনৰ বেটচৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্রীয় উচ্চশিক্ষা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে।

Share This