জালুকবাৰী সমষ্টিত নির্মাণ হ'ব ছেটেলাইট চিটি, বিধানসভাত মুখ্যমন্ত্ৰীৰ ঘোষণা

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : জালুকবাৰীত নির্মাণ কৰা হ'ব এখন ছেটেলাইট চিটি। এই চিটিখন নির্মাণ হ'লে সহস্রাধিক লোকে কর্মসংস্থাপন লাভ কৰিব। কালি বিধানসভাত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখযোগ্য যে কালি বিধানসভাত গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেন্ট অথৰিটি বিধেয়কখন (গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক) আলোচনাৰ অন্তত গৃহীত কৰা হয়। আলোচনাকালত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিধেয়কখন সন্দর্ভত কয়, 'এতিয়াও ছেটেলাইট চিটিৰ পৰিসীমাটো হোৱা নাই। আমি ক'ত কৰিম তাৰ স্থিৰ সীমা নির্ধাৰণ কৰা হোৱা নাই। ছেটেলাইট চিটি আমি কামৰূপ মহানগৰত কৰিব বিচাৰিছোঁ। বর্তমান যি স্থানত ছেটেলাইট চিটি কৰিব বিচাৰিছোঁ, তাৰ স্থানীয় বিধায়ক মই নিজে। অন্য স্থানত কৰাৰ বৰ্তমান প্ৰস্তাৱ নাই। জালুকবাৰী সমষ্টিৰ বৰঝাৰ বিমান বন্দৰৰ আশে-পাশে কৰিব বিচাৰিছোঁ, যাতে সকলোৰে সুবিধা হয়। 

আনহাতে, ছেটেলাইট চিটিৰ পৰা পোনপটীয়াকৈ নিযুক্তি নাহে যদিও পৰোক্ষভাৱে সহস্রাধিক লোকে নিযুক্তি লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়, 'আমি ১০০ বিঘা মাটি দিম কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ বাবে, ১০০ বিঘা মাটি দিম ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ বাবে, ১০০ বিঘা মাটি দিম লজিষ্টিকৰ বাবে, ১০০ বিঘা মাটি দিম হস্পিটেলৰ বাবে, ১০০ বিঘা মাটি দিম ষ্টেডিয়ামৰ বাবে। সেইদৰে মাটি দিম মেৰেজ হলৰ বাবে। যদি আমি ভালদৰে ছেটেলাইট চিটি কৰিব পাৰোঁ, বহু হাজাৰ নিয়োগ সৃষ্টি হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'ছেটেলাইট চিটিয়ে প্রত্যক্ষভাৱে কাকো নিযুক্তি নিদিয়ে। ছেটেলাইট চিটিত নির্মাণ হ'বলগীয়া হোটেলকে ধৰি আন আন প্রতিষ্ঠানে চাকৰি দিব। স্বাভাৱিকতে স্থানীয় যুৱক-যুৱতীয়ে চাকৰি পাব। আমি বিচাৰিম স্থানীয় মানুহখিনিক, যাতে অগ্ৰাধিকাৰ দিয়া হয়।' 

ইফালে, বিভাগীয় মন্ত্রী কৌশিক ৰায়ে কয়, 'বিমান বন্দৰৰ সমীপত ছেটেলাইট চিটি নিৰ্মাণৰ বাবে বাজেটত ২,১০০ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছিল। গুৱাহাটীত দ্রুত বিকাশ সাধন হোৱাৰ ফলত সমস্যাৰো সৃষ্টি হৈছে, যাৰ বাবে ছেটেলাইট চিটি নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে। গুৱাহাটীৰ কাষৰীয়া অঞ্চলত এখন ছেটেলাইট চিটি নির্মাণ হ'লে ৰাজ্যৰ উন্নয়নৰ গতিও অধিক ক্ষিপ্র হ'ব বুলি কয় মন্ত্ৰী ৰায়ে।

Share This