শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি

Nikimoni Kachari August 01, 2026

ডিজিটেল ডেস্ক : শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR) পুনৰ কেইবাখনো ৰে'লৰ সেৱা বাতিল, আংশিক বাতিল আৰু পথ সলনি কৰাৰ কথা ঘোষণা কৰিছে। তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ এই অঞ্চলসমূহত ৰে'ল লাইনৰ ওপৰেৰে পানী যোৱাৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে।

ৰে'লৱেৰ এক বিবৃতিত কোৱা হৈছে যে ৰাজধানী এক্সপ্ৰেছ, অবধ আছাম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে'লৰ পথ সলনি কৰা হৈছে। ১ আগষ্টৰ পৰা ৪ আগষ্টৰ ভিতৰত এই ৰে'লসমূহ ডিব্ৰুগড়– উত্তৰ লখিমপুৰ– ৰঙাপৰা উত্তৰ– ৰঙিয়া পথেৰে চলাচল কৰিব।

ইয়াৰ উপৰি, গুৱাহাটী–ডিব্ৰুগড় আৰু ডিব্ৰুগড়–গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ ৰে'ল দুখন নিৰ্ধাৰিত দিনসমূহত মৰিয়নি ষ্টেছনত আংশিকভাৱে বাতিল কৰা হৈছে, অৰ্থাৎ এই ৰে'ল দুখন মৰিয়নিৰ পৰা যাত্ৰা আৰম্ভ বা শেষ কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী–লিডু, লিডু–গুৱাহাটী, ৰঙিয়া–নিউ তিনিচুকীয়া, নিউ তিনিচুকীয়া–ৰঙিয়া আৰু যোৰহাট টাউন–তিনিচুকীয়া আদিকে ধৰি কেইবাখনো যাত্ৰীবাহী, DEMU আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ সেৱা সম্পূৰ্ণৰূপে বাতিল কৰিছে।

এই পৰিস্থিতিয়ে যাত্ৰীসকলৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ৰে'লৱে কৰ্তৃপক্ষই পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত যাত্ৰীসকলক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে আৰু শিমলুগুৰি অংশত ৰে'ল লাইন পুনৰুদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে চলি আছে বুলিও উল্লেখ কৰিছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This